গৌৰীপুৰ গেৰামাৰীৰ পৰা অপহৃত কিশোৰী ৯ দিন পিছত উদ্ধাৰ
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰ গেৰামাৰীৰ পৰা অপহৃত এগৰাকী কিশোৰীক ৯ দিন পিছত উদ্ধাৰ কৰা হৈছে। ইফালে অপহৰণৰ লগত জড়িত এজন অপহৰণকাৰীক আটক কৰা হয়। উল্লেখ্য় যে আজিৰ পৰা প্ৰায় ৯দিন আগতে গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱৰ এজনী কিশোৰীক মালতী
গৌৰীপুৰ গেৰামাৰীৰ পৰা অপহৃত কিশোৰী ৯ দিন পিছত উদ্ধাৰ


ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰ গেৰামাৰীৰ পৰা অপহৃত এগৰাকী কিশোৰীক ৯ দিন পিছত উদ্ধাৰ কৰা হৈছে। ইফালে অপহৰণৰ লগত জড়িত এজন অপহৰণকাৰীক আটক কৰা হয়।

উল্লেখ্য় যে আজিৰ পৰা প্ৰায় ৯দিন আগতে গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱৰ এজনী কিশোৰীক মালতী খামাৰৰ আনাৰুল হক নামৰ এটা লম্পটে অপহৰণ কৰা বুলি গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কিশোৰী গৰাকীৰ পৰিয়ালে। এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি কিশোৰীজনীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী লম্পট আনাৰুল হকক আটক কৰিবলৈ সক্ষম হয়।

গৌৰীপুৰ আৰক্ষীয়ে লম্পট অপহৰণকাৰী জনক আটক কৰি মাৰথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande