
কোকৰাঝাৰ, ০৫ ডিচেম্বৰ (হি.স.)। সদ্য সমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম মুহুৰ্তত মন্ত্ৰীগোটে দাখিল কৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চাওঁতাল ছাত্ৰ সন্থাই৷ অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা প্ৰতিবেদনত এছটি(ভি) বুলি উল্লেখ কৰা হৈছে৷এনেকি মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনখন বিজ্ঞান সন্মত বুলি উল্লেখ কৰিছে৷কিন্তু ভাৰতীয় সংবিধানত তেনে কোনো প্ৰস্থাৱনাৰ কথা উল্লেখ নাই৷ ছয় জনগোষ্ঠীটোৰ প্ৰতিবেদনখন সম্পূৰ্ণ ক্ৰটিপূৰ্ণ আৰু এই প্ৰতিবেদন খন মন্ত্ৰীগোটে প্ৰস্তুুত কৰা নাই৷
ইয়াক চিচিটিঅএ ই প্ৰস্তুুত কৰিছে বুলি অভিযোগ কৰি চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা চৰেনে মুখ্যমন্ত্ৰীৰ এই ভাষ্যক খণ্ডণ কৰিছে৷আজি সংগঠনৰ উপ সভাপতি চৰেনে প্ৰেৰণ কৰা এখন প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে সদৌ চাওঁতাল ছাত্র সন্থাই প্রতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছিল যে আহোম, চুতীয়াৰ দৰে জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ সৈতে যিকোনো সা-সুবিধাত চাওঁতাল জনগোষ্ঠীক তুলনা কৰিব নোৱাৰে। যদি সচাকৈয়ে অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিব বিছাৰিছে তেতিয়াহলে চাওঁতাল সকলৰ প্ৰতিবেদনখন চাওঁতাল হিচাপে প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ সংগঠনটোৱে দাবী জনাইছিল৷কিন্তু ছাত্ৰ সংগঠনৰ দাবীক গুৰুত্ব নিদিলে৷ ইয়াৰ বিপৰীতে আজি চিচিটিঅএৰ সৈতে অসম চৰকাৰ আৰু মন্ত্ৰীগোটে আলোচনাত মিলিত হৈছে৷ ইয়াৰ ফলত এইটোৱে প্ৰমান কৰিছে যে ঁঅসম চৰকাৰ আৰু মন্ত্ৰীগোটে চিচিটিঅএ ৰ মতে উঠা বহা কৰিছে আৰু চিচিটিঅএ ৰ মতেই প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰ আৰু মন্ত্ৰীগোটে চাওঁতাল জনগোষ্টীক নিশেষ কৰাৰ এয়া এক চুড়ান্ত প্রচেষ্টা বুলি গুৰুতৰ অভিযোগ তুলিছে৷বিবৃতিত আৰু উল্লেখ কৰা মতে চাওঁতাল জনগোষ্ঠীক নিঃশেষ কৰিবলৈ চেষ্টা কৰা কাৰ্য্য বুলি অভিহিত কৰিছে৷ বিবৃতিযোগে প্ৰকাশ কৰা মতে জনজাতিকৰণ চাওঁতাল সকলৰ সাংবিধানিক অধিকাৰ৷
এই জন্মস্বত্ব অধিকাৰ আদায়ৰ দাবীত চাওঁতাল সকলে সংগ্ৰাম কৰিছে আৰু জনজাতিকৰণ নোহোৱালৈকে সংগ্ৰাম কৰিয়েই যাব৷ এই জন্মস্বত্ব অধিকাৰ আদায়ৰ দাবীৰে মন্ত্ৰীগোটৰ জনজাতিকৰণৰ প্ৰতিবেদনৰ ওপৰত পুংখানুপুংখ আলোচনা কৰিবলৈ চাওঁতাল ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে দিল্লীলৈ ৰাওনা হ’ব আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহবিভাগৰ সৈতে অসম চৰকাৰৰ প্ৰতিবেদনৰ সম্পৰ্কে আলোচনাত মিলিত হব। আলোচনা ফলপ্ৰসু নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দি অসম চৰকাৰ আৰু মন্ত্ৰীগোটে আগন্তক চাওঁতাল জনগোষ্ঠীৰ প্ৰতিবাদৰ সৈতে মোকামিলা কৰিবলৈ সাজু হৈ থাকিবলৈ চৰম সকীয়নি প্ৰদান কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ