টিংখাঙত ট্ৰেক্টৰ চলাই আলুৰ বীজ ৰোপন মন্ত্ৰী বিমল বড়াৰ
ডিব্ৰুগড়, ০৫ ডিচেম্বৰ (হি.স.)। টিংখাং সমষ্টিত কৃষি অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে পথাৰত নামিল মন্ত্ৰী বিমল বড়া । আজি টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ৩ নং ভৰালীবাৰীৰ বুঢ়ীদিহিঙৰ পাৰত মন্ত্ৰীগৰাকীয়ে নিজে ট্ৰেক্টৰ চলাই আধুনিক প্ৰযুক্তিৰে আলুৰ বীজ ৰোপন কাৰ্
টিংখাঙত ট্ৰেক্টৰ চলাই আলুৰ বীজ ৰোপন মন্ত্ৰী বিমল বড়াৰ


ডিব্ৰুগড়, ০৫ ডিচেম্বৰ (হি.স.)। টিংখাং সমষ্টিত কৃষি অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে পথাৰত নামিল মন্ত্ৰী বিমল বড়া । আজি টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ৩ নং ভৰালীবাৰীৰ বুঢ়ীদিহিঙৰ পাৰত মন্ত্ৰীগৰাকীয়ে নিজে ট্ৰেক্টৰ চলাই আধুনিক প্ৰযুক্তিৰে আলুৰ বীজ ৰোপন কাৰ্যৰ শুভাৰম্ভ কৰে।

মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত আৰু কৃষক উদ্যোগীসকলৰ প্ৰচেষ্টাত গঠন হোৱা “দিহিং চাং বহুমুখী সমবায় সমিতি লিমিটেড”ৰ উদ্যোগত এইদৰে বুঢ়ীদিহিঙৰ উৰ্বৰা পলসুৱা মাটিত ব্যাপক হাৰত আলু খেতিৰ পৰিকল্পনা কৰা হৈছে। কৃষকসকলৰ মনোবল বৃদ্ধিৰ বাবে আজি পথাৰত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নিজে আধুনিক যন্ত্ৰৰ সহায়ত বীজ ৰোপন কৰে। এইবাৰ প্ৰায় ৮০ জন কৃষকে এই খেতিৰ সৈতে জৰিত হৈছে । ইফালে, কৃষকসকলৰ উৎপাদিত আলুবোৰ পোনপটীয়াকৈ বহুজাতিক কোম্পানী ‘পেপচিক’ ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড’ (PepsiCo India)-লৈ প্ৰেৰণ কৰা হ’ব । উৎপাদনৰ লগে লগে কৃষকে নিশ্চিত বজাৰ আৰু ধন লাভ কৰিবলৈ সক্ষম হ'ব - বুলি কয় সমবায় সমিতিখনৰ সভাপতি তথা মন্ত্ৰী বিমল বড়াই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande