
দৰং, ০৫ ডিচেম্বৰ (হি.স.)। দৰঙৰ দলগাঁৱত কৰ্তব্য অৱস্থাত লাট মণ্ডলক প্ৰহাৰ ৷
দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ নং বৰুৱাঝাৰ গাঁৱত ৰিয়াজুদ্দিন নামৰ ব্যক্তি এজনৰ মাটিৰ চৰজমিন তদন্ত কৰিবলৈ যোৱাত ওছমান গণি নামৰ ব্যক্তি এজনে চন্দ্ৰকান্ত ডেকা আৰু হেমাঙ্গ বনিয়া নামৰ দুই লাট মন্ডলক প্ৰহাৰ কৰাৰ লগতে অশ্লীল গালিগালাজ কৰি আবদ্ধ কৰি ৰাখে৷
ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ মন্ডল দুগৰাকীক উদ্ধাৰ কৰি আনে৷ ঘটনা সন্দৰ্ভত লাট মণ্ডল চন্দ্ৰকান্ত ডেকাই দলগাঁও থানাত এজাহাৰ দাখিল কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা