
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.)। কলিয়াবৰ মহাবিদ্যালয়ৰ স্থানীয় ভাষা, প্রচাৰ আৰু প্ৰসাৰ কোষৰ বিশেষ পদক্ষেপ। হস্তশিল্প আৰু থলুৱা সৃষ্টিকৰ্মৰে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী কৰাৰ প্ৰয়াসৰে থলুৱা সামগ্ৰীৰ বিপনি মুকলি। থলুৱা শিল্পৰ সৈতে পৰ্যটকক চিনাকি কৰোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক হস্ত শিল্পৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যৰে শুকুৰ বাৰে কলিয়াবৰৰ নতুন দাংগাস্থিত অসম গৌৰৱ বঁটাৰে বিভূষিত কাৰ্বি থলুৱা খাদ্যৰ কেন্দ্ৰ চ'ৰেন এহেমৰ চৌহদত মুকলি কৰা হ'ল 'কলিয়াবৰ কলেজ এথনিক হাব'ৰ এখন বিপনি।
চ'ৰেন এহেমৰ সৈতে হোৱা বুজা বুজিৰ চুক্তি মৰ্মে স্থাপিত বিপনিখন মুকলি কৰে কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়া ৰাজনিচান শৰ্মাই। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় লোকসকলো উপস্থিত থাকে বিপনি মুকলিৰ এই অনুষ্ঠানত। বিপনিখনৰ জৰিয়তে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীৰ দ্বাৰা উৎপাদিত বিভিন্ন হস্তনিৰ্মিত সামগ্ৰী বিক্রীৰ সুবিধা থাকিব। অধ্যয়নৰ সময়চোৱাৰ লগতে অধ্যয়ন সামৰাৰ পিছতো এই বিপনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সুযোগ পাব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা