অৰ্কিড ৰোপণৰ নামত গছত গজাল মাৰি স্থাপন কৰা হৈছে অৰ্কিড চি চি টিভি কেমেৰা
গোলাঘাট, ০৫ ডিচেম্বৰ (হি.স.)। চৰকাৰী অৰ্কিড উদ্যানৰ নতুন কৌশল। অৰ্কিড ৰোপণৰ নামত গছত গজাল মাৰি ৰোপণ কৰা হৈছে অৰ্কিড চি চি টিভি কেমেৰা । ফলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। গছত গজাল মৰাৰ দৰে কাৰ্য যিহেতু বন আইন মতে দণ্ডণীয় বন আইন উলংঘা
অৰ্কিড ৰোপণৰ নামত গছত গজাল মাৰি স্থাপন কৰা হৈছে অৰ্কিড চি চি টিভি কেমেৰা


গোলাঘাট, ০৫ ডিচেম্বৰ (হি.স.)। চৰকাৰী অৰ্কিড উদ্যানৰ নতুন কৌশল। অৰ্কিড ৰোপণৰ নামত গছত গজাল মাৰি ৰোপণ কৰা হৈছে অৰ্কিড চি চি টিভি কেমেৰা । ফলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। গছত গজাল মৰাৰ দৰে কাৰ্য যিহেতু বন আইন মতে দণ্ডণীয় বন আইন উলংঘা কৰি বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখতে এনে ঘটনা ঘটি থকাটো লক্ষ্যণীয়।

এই কাম অতি শীঘ্ৰে বন্ধ নকৰিলে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি দাবী জনাই যুৱ ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে।২০২০ চনৰ ১৬ জুলাইত অৰ্কিড পাৰ্ক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।কিন্তু অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছিল।উল্লেখ্যে যে এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত হৈ আছে ১৬ কোটিকৈ টকা। ডাৰ্জিলিং গাৰ্ডেন নামৰ এটা কোম্পানীয়ে চৰকাৰী অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম কাম কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande