এল চি এ তেজছ মাৰ্ক-১এ যুদ্ধ বিমানৰ বাবে ভাৰতে আমেৰিকাৰ পৰা লাভ কৰিছে পঞ্চমটো জি ই-৪০৪ ইঞ্জিন
- মূল সমস্যাসমূহৰ সমাধান বৃদ্ধি পোৱাৰ পিছত বিমান উৎপাদনৰ আশা বৃদ্ধি নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। আমেৰিকাৰ ইঞ্জিন নিৰ্মাতা কোম্পানী জি ই এৰ’স্পেছে শুকুৰবাৰে থলুৱা লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) মাৰ্ক-১এৰ পঞ্চম জেট ইঞ্জিন হিন্দুস্তান এৰ’নট
जीई-404 इंजन


- মূল সমস্যাসমূহৰ সমাধান বৃদ্ধি পোৱাৰ পিছত বিমান উৎপাদনৰ আশা বৃদ্ধি

নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। আমেৰিকাৰ ইঞ্জিন নিৰ্মাতা কোম্পানী জি ই এৰ’স্পেছে শুকুৰবাৰে থলুৱা লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) মাৰ্ক-১এৰ পঞ্চম জেট ইঞ্জিন হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ক প্ৰদান কৰে।

চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতে ১২টা জিই-৪০৪ ইঞ্জিন লাভ কৰাৰ সম্ভাৱনা আছে। মাৰ্চ মাহত এইচ এ এলে নতুন বিমানখন ডেলিভাৰী কৰাৰ কথা আছিল যদিও আমেৰিকাৰ পৰা ইঞ্জিন যোগান ধৰাত পলম হোৱাৰ বাবে অপেক্ষাৰ সময় বৃদ্ধি পায়। এতিয়া ইঞ্জিনৰ সৈতে মূল সমস্যাসমূহৰ সমাধানৰ লগে লগে বিমান উৎপাদন ত্বৰান্বিত কৰাৰ আশা বৃদ্ধি পাইছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে এইচএএলৰ সৈতে ₹৪৮,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে ৮৩ খন তেজছ মাৰ্ক-১এ বিমানৰ বাবে। এই চুক্তিত ৭৩খন যুঁজাৰু বিমান আৰু ১০খন প্ৰশিক্ষক বিমান অন্তৰ্ভুক্ত আছিল। ভাৰতীয় বায়ুসেনাই ২০২৪ চনত প্ৰথম বেটচ লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও ইয়াৰ মাজতে জি ই এৰ’স্পেচ (জিই) য়ে এফ-৪০৪ ইঞ্জিনৰ উৎপাদন বন্ধ কৰি দিয়ে। চলিত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৬৮খন একক আসনৰ যুঁজাৰু বিমান আৰু ২৯খন টুইন আসনৰ প্ৰশিক্ষক বিমানকে ধৰি ৯৭খন এলচিএ মাৰ্ক-১এ যুঁজাৰু বিমানৰ নতুন অৰ্ডাৰৰ বাবে এইচএএলৰ সৈতে চুক্তিবদ্ধ হয়, যাৰ ডেলিভাৰী ২০২৭-২৮ চনত আৰম্ভ হ’ব আৰু ছয় বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। এইদৰে এইচ এ এলে ভাৰতীয় বায়ুসেনাৰ বাবে ১৮০খন বিমান নিৰ্মাণ কৰাৰ কথা।

বহু অপেক্ষাৰ অন্তত অৱশেষত চলিত বৰ্ষৰ ২৬ মাৰ্চত ভাৰতলৈ প্ৰথমটো ইঞ্জিন ডেলিভাৰী কৰিলে কোম্পানীটোৱে। ইয়াৰ পিছত জিইয়ে ১৩ জুলাইত দ্বিতীয়টো ইঞ্জিন ডেলিভাৰী কৰে। এইচ এ এলে ১১ ছেপ্টেম্বৰত এল চি এ মাৰ্ক-১এৰ বাবে তৃতীয়টো জি ই-৪০৪ ইঞ্জিন লাভ কৰে। কোম্পানীটোৱে একে সময়তে ছেপ্টেম্বৰৰ শেষৰ ফালে আন এটা ইঞ্জিন ডেলিভাৰী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যিটো ৩০ ছেপ্টেম্বৰত ডেলিভাৰী কৰা হৈছিল। ভাৰতে চাৰিটা ইঞ্জিন লাভ কৰাৰ ফলত এলচিএ মাৰ্ক-১এ বিমানৰ উৎপাদন আৰু যোগানৰ পথ প্ৰশস্ত হোৱাৰ আশাৰ সঞ্চাৰ হৈছে। আমেৰিকাৰ ইঞ্জিন নিৰ্মাতা কোম্পানী জি ই এৰ’স্পেছে আজি এইচ এ এলক গতাই দিয়ে পঞ্চমটো ইঞ্জিন। চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতে ১২টা জিই-৪০৪ ইঞ্জিন লাভ কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰা ভাৰতৰ থলুৱা লঘু যুদ্ধ বিমানত এই ইঞ্জিন স্থাপন কৰা হ’ব।

এইচ এ এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ডি কে সুনিলে কয় যে এইচ এ এলে জি ইৰ এফ-৪১৪ ইঞ্জিনৰ বাবেও ৮০% প্ৰযুক্তি হস্তান্তৰৰ আলোচনাত মিলিত হৈছে, যিয়ে উন্নত এল চি এ মাৰ্ক-২ আৰু থলুৱা এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (এ এম চি এ)ক শক্তি প্ৰদান কৰিব। ড০ সুনীলে উল্লেখ কৰে যে জিইয়ে এবছৰত ১২টা ইঞ্জিন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া বিত্তীয় বৰ্ষৰ শেষলৈকে আমি সেইবোৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই বছৰ আমি ১০টা ইঞ্জিন লাভ কৰিব পাৰো। বাকী থকা ইঞ্জিনসমূহ আমি অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত লাভ কৰিম। আমি ইতিমধ্যে দশম বিমানৰ ফিউজেজ নিৰ্মাণ কৰিছো, আৰু ১১ নং বিমানখন সাজু হৈছে। ইঞ্জিনৰ অন্তৰ্নিহিত সমস্যা সমাধান হৈছে, গতিকে এতিয়া উৎপাদন ত্বৰান্বিত হ’ব। জিইয়ে অহা বছৰ ২০টা ইঞ্জিন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু শীৰ্ষ ব্যৱস্থাপনাৰে এখন বৈঠক অনুষ্ঠিত কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande