
নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। অৰ্থনৈতিক দিশত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ২৮ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৮৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৬.২৩ বিলিয়ন ডলাৰ হৈছে।
শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ২৮ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৮৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৬.২৩ বিলিয়ন ডলাৰ হৈছে।
বিগত সপ্তাহত মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৪৭ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৮.১০ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি ২৮ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ৩.৫৭ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৫৭.০৩ বিলিয়ন ডলাৰ হৈছে।আৰ বি আইৰ তথ্য অনুসৰি এই সময়ছোৱাত সোণৰ মজুতৰ মূল্যও ১.৬১ বিলিয়ন ডলাৰ বৃদ্ধি পাই ১০৫.৭৯ বিলিয়ন ডলাৰ হৈছে।
ইয়াৰ উপৰিও ২৮ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ৬৩ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৬৩ বিলিয়ন ডলাৰ হৈছে।ইফালে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ পজিচন ১৬ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৭৭ বিলিয়ন ডলাৰ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ