
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.)। চামগুৰিত পুনৰ বন্য হস্তী আৰু মানুহৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণত কালি নিশা আহত ভৰাগুৰিৰ এজন ব্যক্তি।আঘাতপ্ৰাপ্ত ব্যক্তি জনৰ নাম অভয় বৰা বুলি জানিব পৰা গৈছে।
লোকজনে হাত আৰু বুকুত আঘাতপ্ৰাপ্ত হয়। ইফালে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। স্থানীয় ৰাইজৰ সহযোগত ততাতয়াকৈ চামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত অভয় বৰাক। উল্লেখ্য যে বিগত কিছু দিন পূৰ্বে উদমাৰিত দুজন পথচাৰীক আক্ৰমণ কৰিছিল বন্য হস্তীয়ে। আহত অভয় বৰাক পিছত উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ