
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। আজি ধুবুৰীত আহি উপস্থিত হৈছে অসম বিধান সভাৰ বিভাগ সম্পৰ্কীয় ছজনীয়া স্থায়ী সমিতিৰ দল। চৰকাৰী বিভিন্ন বিভাগৰ কাম কাজ সমূহৰ পৰ্য্যবেক্ষণ কৰিব উক্ত দলটোৱে।
আজি দিনৰ ১১.৩০ বজাত ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হোৱা দলটোৰ ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীৰ নেতৃত্বত কাটলিছেৰাৰ বিধায়ক সুজামউদ্দিন লস্কৰ, বিধায়ক অজয় ৰায়, বিধায়ক দিগন্ত বৰ্মন, বিধায়ক নিজানুৰ ৰহমানকে ধৰি মুঠ ৬ জন বিধায়ক দলটোত উপস্থিত থাকে।দলটোৱে আঠটাকৈ বিভাগৰ মূৰব্বীৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পিছতে বিভিন্ন উন্নয়ন মূলক কাম- কাজ সমূহৰ আজি পৰ্য্যবেক্ষণ কৰিব বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা