ইতিহাসৰ পৃষ্ঠাত ৬ ডিচেম্বৰ : ১৯৯২ চনত ধ্বংস কৰিছিল অযোধ্যাৰ বিতৰ্কিত গাঁথনি, দেশজুৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি
আজিৰ পৰা ৩২ বছৰ পূৰ্বে ১৯৯২ চনৰ ৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হোৱা এক ঘটনাই স্বাধীন ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত গভীৰ চাপ ৰাখিছিল। আজিৰ দিনটোতে ভাঙি পেলোৱা হয় বিবাদিত বাবৰি মছজিদ। এই ঘটনাৰ পিছত সমগ্ৰ দেশতে সাম্প্ৰদায়িক উত্তেজনা
ইতিহাসৰ পৃষ্ঠাত ৬ ডিচেম্বৰ : ১৯৯২ চনত ধ্বংস কৰিছিল অযোধ্যাৰ বিতৰ্কিত গাঁথনি


আজিৰ পৰা ৩২ বছৰ পূৰ্বে ১৯৯২ চনৰ ৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হোৱা এক ঘটনাই স্বাধীন ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত গভীৰ চাপ ৰাখিছিল। আজিৰ দিনটোতে ভাঙি পেলোৱা হয় বিবাদিত বাবৰি মছজিদ। এই ঘটনাৰ পিছত সমগ্ৰ দেশতে সাম্প্ৰদায়িক উত্তেজনা আৰু হিংসা বিয়পি পৰে, যাৰ ফলত প্ৰায় ৪০০ লোকৰ প্ৰাণ হেৰুৱাইছিল আৰু সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছিল।

অযোধ্যাৰ ভগৱান ৰামৰ জন্মস্থানত এটা ভৱ্য ৰাম মন্দিৰ নিৰ্মাণৰ সপোনে তেতিয়াও মানুহক শক্তিশালী কৰি তুলিছিল। এই দৃষ্টিভংগীৰ প্ৰতীকী সমৰ্থনত ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বৃহৎ সংখ্যক লোক সমবেত হৈছিল। দিনটো সাধাৰণভাৱে আৰম্ভ হৈছিল যদিও দুপৰীয়ালৈকে কৰ সেৱকৰ ভিৰটোৱে নিয়ন্ত্ৰণহীন হৈ বিবাদিত গঠনটোতআৰোহণ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে বাবৰি মছজিদৰ তিনিওটা গম্বুজ ভাঙি পেলাইছিল।

এই ঘটনাই দেশৰ ৰাজনীতি, সমাজ, সাম্প্ৰদায়িক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছিল। প্ৰথমৰে পৰা উমি উমি জ্বলি থকা উত্তেজনা বৃদ্ধি পাই হিংসাত্মক সংঘৰ্ষলৈ পৰিণত হয় আৰু কেইবাখনো চহৰত সংঘৰ্ষ আৰম্ভ হয়। অযোধ্যাৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড মুম্বাই, দিল্লী, আহমেদাবাদ, কানপুৰ, ভূপালকে ধৰি বহু ঠাইত বিয়পি পৰে।

আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে এই তাৰিখে আকৌ এবাৰ ইতিহাসৰ সেই গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্টৰ কথা মনত পেলাই দিয়ে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৯০৭ - আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত প্ৰথমটো ডকাইতি সংঘটিত হয় চিংগ্ৰীপোতা ৰেলৱে ষ্টেচনত।

১৯১৭ - ফিনলেণ্ডে ৰাছিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰে।

১৯২১ - ব্ৰিটিছ চৰকাৰ আৰু আইৰিছ নেতাসকলৰ মাজত হোৱা সন্ধিৰ পিছত আয়াৰলেণ্ডক স্বাধীন ৰাষ্ট্ৰ আৰু ব্ৰিটিছ কমনৱেলথৰ সদস্য হিচাপে ঘোষণা কৰা হয়।

১৯২৬ - আজিৰ দিনটোতে ফিৰাক গোৰখপুৰীক সাহিত্যিক জীৱনৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী হিচাপে বন্দী কৰি ৰাখিছিল।

১৯৪৬ - হোম গাৰ্ড প্ৰতিষ্ঠা হয়।

১৯৭৮ - ইউৰোপীয় দেশ স্পেইনত সংবিধান গৃহীত হয়।

১৯৭৮ - স্পেইনত ৪০ বছৰীয়া একনায়কত্ববাদৰ অন্তত নাগৰিকে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ভোটদান কৰে। সংবিধান অনুমোদনৰ বাবে এই গণভোট অনুষ্ঠিত হৈছিল।

১৯৮৩ - জেৰুজালেমত বাছত বোমা বিস্ফোৰণত ৬ জন সাধাৰণ নাগৰিক নিহত হয়।

১৯৯০ - যুদ্ধ ৰোধৰ প্ৰয়াসত ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে ইৰাক আৰু কুৱেইটত ৰখা সকলো বিদেশী পণবন্দীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

১৯৯২ - অযোধ্যাৰ বিতৰ্কিত বাবৰি মছজিদৰ গাঁথনি ভাঙি পেলোৱা হয়। ইয়াৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিত প্ৰায় ৪০০ লোকৰ মৃত্যু হয়।

১৯৯৭ - জাপানৰ কিয়’ট’ত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন আৰম্ভ হয়।

১৯৯৮ - বেংককত ত্ৰয়োদশ এছিয়ান গেমছ আৰম্ভ হয় আৰু ছুইডেনে ইটালীক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ডেভিছ কাপ জয় কৰে।

১৯৯৮ - হুগো চাভেজ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯৯৯ - ইণ্ডোনেছিয়াৰ এখন কাৰাগাৰৰ পৰা ২৮৩ জন কয়দী পলায়ন কৰে।

২০০১ - আফগানিস্তানৰ তালিবানে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ সন্মত হয়।

২০০২ - স্পেইনৰ কাৰ্লোছ ময়াই এ টি পি ইউৰোপীয় বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

২০০৭ - অষ্ট্ৰেলিয়াৰ বিদ্যালয়ত শিখ ছাত্ৰ-ছাত্ৰীক কিৰ্পান কঢ়িয়াই নিবলৈ অনুমতি দিয়া হয়, আৰু মুছলমান মহিলা ছাত্ৰ-ছাত্ৰীক শ্ৰেণীলৈ হিজাব পিন্ধিবলৈ দিয়া হয়।

২০০৮ - কেন্দ্ৰীয় বেংকে ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেট এক শতাংশ কৰ্তন কৰে।

২০০৮ - কৰ্ণাটকৰ বেলগামত ভাৰত আৰু চীনৰ সেনাৰ যৌথ সামৰিক অনুশীলন ২০০৮ চনৰ হেণ্ড ইন হেণ্ড ২০০৮ আৰম্ভ হয়।

২০১২ - ইজিপ্তত বিক্ষোভৰ সময়ত ৭ জন লোক নিহত আৰু ৭৭০ জন আহত হয়।

জন্ম

১৭৩২ - ৱাৰেন হেষ্টিংছ - ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।

১৮৯৬ - আজিৰ দিনটোতে বৃজলাল ব্যানী - মধ্যপ্ৰদেশৰ বিশিষ্ট সামাজিক আৰু ৰাজনৈতিক কৰ্মী।

১৯৪৭ - প্ৰবীণ কুমাৰ সোৱতী - ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ষুদ্ৰ পৰ্দাৰ অভিনেতা।

১৯৯৮ - কপিল দেৱ দ্বিবেদী - বেদ, বেদাংগ, সংস্কৃত, ব্যাকৰণ, আৰু ভাষাবিজ্ঞানৰ এজন অসাধাৰণ পণ্ডিত।

মৃত্যু

১৯৫৬ - ড° ভীমৰাও আম্বেদকাৰ - সংবিধান নিৰ্মাতা আৰু বৌদ্ধ পুনৰুজ্জীৱনবাদী।

১৯৮৬ - ভগৱান সহায় - ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ দ্বিতীয় ৰাজ্যপাল।

১৯৯৮ - মেজৰ হোছিয়াৰ সিং - পৰম বীৰ চক্ৰ সজ্জিত ভাৰতীয় সৈনিক।

২০০৯ - বিনা ৰায়ৰ বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

২০১৫ - ৰাম মোহন - বিখ্যাত ভাৰতীয় চৰিত্ৰ অভিনেতা।

২০১৫ - ড° ব্ৰহ্মদেৱ শৰ্মা - ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বিষয়া।

গুৰুত্বপূৰ্ণ দিন

নাগৰিক প্ৰতিৰক্ষা দিৱস

হোম গাৰ্ড প্ৰতিষ্ঠা দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande