
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। কুকুৰাৰ পোৱালীৰ ফ্ৰামত দুস্কৃতিকাৰীয়ে বিষ দি হত্যা কৰিছে বহু কুকুৰাৰ পোৱালীক।
জানিব পৰা মতে নুৰ ইছলাম নামৰ ব্যক্তি গৰাকীয়ে স্বাৱলম্বী হোৱাৰ আশাৰে দুই হেজাৰ কুকুৰা পোৱালীৰে এখন ফ্ৰাম খুলিছিল। যোৱা ৰাতি কোনোবা দুষ্ট চক্ৰই ফ্ৰামৰ খাদ্যৰ লগত বিষ ঢালি দিয়াৰ সন্দেহ কৰা হৈছে। কিয়নো আজি পুৱাই প্ৰায় ১,৫০০ পোৱালী ফ্ৰামত মৰি থকা প্ৰত্যক কৰে নুৰ ইছলামে। এই ঘটনাৰ পিছত ভাঙি পৰিছে নুৰ ইছলাৰ লগতে তেওঁৰ পৰিয়াল। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীক অৱগত কৰে। গৌৰীপুৰ আৰক্ষীয়ে পৰৱৰ্তী সময়ত দুষ্ট চক্ৰটোক চিনাক্ত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ