
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে ৰঙামাটিৰ গাঁৱৰ ছমিৰ আলী নামৰ লোকজনৰ ঘৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চাৰিচকীয়া বলেৰো বাহনৰে চাৰিজনীয়া এটা যুৱকৰ দলে প্ৰৱেশ কৰে।
অভিযোগ অনুসৰি যুৱকৰ দলটোৱে পূৰ্বতে ফোনযোগে ছমেৰ আলীৰ পৰা ধন দাবী কৰে। ছমেৰ আলীয়ে যুৱকৰ দলটোক নিজৰ পূৰ্ব পৰিকল্পিত ভাৱে নিজৰ ঘৰত মাতি স্থানীয় ৰাইজৰ সহযোগত যুৱকৰ দলটোক আটক কৰিবলৈ লওঁতে যুৱকৰ দলটোৱে পিষ্টল দেখুৱাই পলায়ন কৰিবলৈ চেষ্টা কৰে আৰু চাৰিজন যুবকৰ ভিতৰত দুজন যুৱক পলাই যায় যদিও আন দুজন যুৱকক মেগজিনবিহীন পিষ্টল সহ আটক কৰিবলৈ সক্ষম হয়। অৱশেষত চাপৰ আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পিষ্টল সহ যুৱক দ্বয়ক চাপৰ আৰক্ষী থানা লৈ আহি তদন্ত অব্যাহত ৰাখে ।
আটক যুৱকদ্বয় ক্ৰমে কোকৰাঝাৰ জিলাৰ লতিফ আলী আৰু আব্দুল মজিদ বুলি জানিব পৰা গৈছে। যুৱকৰ দলটোৱে লৈ অনা বলেৰো বাহনখনো আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত বাহনখনৰ নম্বৰ এএছ ১৬ এম ৯৬১৯ বুলি জনা গৈছে। আনহাতে আটকাধীন যুৱকদ্বয়ৰ ভাষ্য অনুসৰি যুৱকৰ দলটোক তন্ত্ৰ মন্ত্ৰৰে টকা দুগুণ কৰাৰ প্ৰলোভনেৰে ছমেৰ আলীয়ে নিজৰ ঘৰত মাতিছিলি বুলি জানিবলৈ দিয়ে । এতিয়া আৰক্ষীৰ তদন্তত হে ওলাই পৰিব কোন সচা কোন মিছা ? উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ