ভেৰগাঁৱত বেগম আখতাৰা আহমেদৰ প্ৰতিকৃতি দাহ
ওদালগুৰি, ০৫ ডিচেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা, বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ট্ৰাইবেল জনগোষ্ঠী। ট্ৰাইবেল জনগোষ্ঠীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিকৰ
ভেৰগাঁৱত বেগম আখতাৰা আহমেদৰ প্ৰতিকৃতি দাহ


ওদালগুৰি, ০৫ ডিচেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা, বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ট্ৰাইবেল জনগোষ্ঠী। ট্ৰাইবেল জনগোষ্ঠীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা সিদ্ধান্তক ধিক্কাৰ দিছে ট্ৰাইবেল জনগোষ্ঠীয়ে ।

ইফালে অলপতে বিটিচিৰ নৱনিৰ্বাচিত ইএম বেগম আখতাৰা আহমেদে কৰা মন্তব্যৰ বিৰুদ্ধে ও তীব্ৰ ক্ষোভ ট্ৰাইবেল জনগোষ্ঠীৰ । কালি নিশা ভেৰগাঁও চহৰৰ মাজমজিয়াত বেগম আখতাৰা আহমেদৰ প্ৰতিকৃতি দাহ কৰি বেগম আখতাৰা আহমেদ হুঁচিয়াৰ, বেগম আখতাৰা মুৰ্দাবাদ, বেগম আখতাৰা গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ ভেৰগাঁৱত । জনজাতিকৰণক সম্পৰ্কে ট্ৰাইবেলক লৈ বেগম আখতাৰাই কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ট্ৰাইবেল জনগোষ্ঠী। অতি শীঘ্ৰে বেগম আখতাৰাক ক্ষমা খুজিবলৈ দাবী জনায় ট্ৰাইবেল জনগোষ্ঠীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande