বৰমাত বিপিএফৰ বৃহৎ গণ সমাৱেশ
বাক্সা, ০৫ ডিচেম্বৰ (হি.স.)। বাক্সা জিলাৰ বৰমাত আজি বিপিএফৰ বৃহৎ গণ সমাৱেশ অনুষ্ঠিত হয় । বিপিএফ দলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আজি বৰমাৰ কদমতলত অনুষ্ঠিত হয় বৃহৎ গণ সমাবেশ । উল্লেখ্য় যে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে
বৰমাত বিপিএফৰ বৃহৎ গণ সমাৱেশ


বাক্সা, ০৫ ডিচেম্বৰ (হি.স.)। বাক্সা জিলাৰ বৰমাত আজি বিপিএফৰ বৃহৎ গণ সমাৱেশ অনুষ্ঠিত হয় । বিপিএফ দলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আজি বৰমাৰ কদমতলত অনুষ্ঠিত হয় বৃহৎ গণ সমাবেশ ।

উল্লেখ্য় যে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিটিচিৰ বিপিএফ দলে। বাক্সা জিলাৰ কদমতলত বিপিএফ দলৰ উদ্যোগত আৰু বিজেপি দলৰ সহযোগত বিশাল গণ সমাৱেশত অংশ লয় প্ৰায় ৪০ হাজাৰৰো অধিক লোকে । সভা উদ্বোধন কৰে যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৱে্য এই বিশাল জনসমাবেশত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, অসম প্ৰদেশ বিজেপিৰ পল্লৱলোচন দাস, প্ৰাক্তন মন্ত্ৰী তথা এমচিএলএ ৰেখাৰাণী দাসবড়োৰ লগতে বিপিএফ আৰু বিজেপি দলৰ বহুসংখ্যক নেতা ।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ বিপিএফ বদ্ধপৰিকৰ বুলি দলটোৰ নেতৃত্বই সদৰি কৰে । ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে বৰ্তমান বিটিচিত আছে ২৫০ কৌটি টকা, এই টকাৰে সকলো উন্নয়ন সম্ভৱ নহয় । তেওঁ কয় যে বিপিএফে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব । ওদালগুৰিত কম সময়ৰ ভিতৰতে মিনি সচিবালয়ৰ লগতে বাক্সাত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ওদালগুৰিত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ।

আনহাতে ভাষণত এবছুৰ সভাপতি দ্বীপেন বড়োক তীব্ৰ কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে দ্বীপেন বড়োৱে মহাজ্ঞানী দেখুৱাই ছাত্ৰ ছাত্ৰীক আন্দোলনমুখী কৰি তুলিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande