বেংক অৱ বৰোডাৰ ৰেপ’ ভিত্তিক সুতৰ হাৰ ০.২৫% হ্ৰাস, ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী
নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে মূল নীতিগত হাৰ, ৰেপো হাৰ কৰ্তন কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে শুকুৰবাৰে ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাই ৰেপো লিংকড ঋণৰ সুতৰ হাৰ ০.২৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন
सार्वजनिक क्षेत्र के बैंक ऑफ बड़ौदा के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে মূল নীতিগত হাৰ, ৰেপো হাৰ কৰ্তন কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে শুকুৰবাৰে ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাই ৰেপো লিংকড ঋণৰ সুতৰ হাৰ ০.২৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।

বেংক অৱ বৰোডাই ষ্টক এক্সচেঞ্জসমূহক জনাইছে যে বৰোদা ৰেপো-লিংকড লেণ্ডিং ৰেট (বি আৰ এল এল আৰ) ০.২৫% হ্ৰাসৰ ফলত ঋণৰ সুতৰ হাৰ বৰ্তমানৰ ৮.১৫%ৰ পৰা ৭.৯০%লৈ হ্ৰাস পাব। বেংকটোৱে জনোৱা মতে, ঋণৰ নতুন সুতৰ হাৰ ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।

আজি আৰ বি আইয়ে ৰেপো ৰেট ৫.৫০%ৰ পৰা ৫.২৫%লৈ হ্ৰাস কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বেংকে ২০২৫ চনৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত ২৫টাকৈ বেচিছ পইণ্টকৈ ৰেপ’ ৰেট হ্ৰাস কৰিছিল, আৰু জুন মাহত ০.৫০ শতাংশ হ্ৰাস কৰিছিল। আৰ বি আইয়ে তিনিটা ৰাউণ্ডত নীতিৰ হাৰ ১ শতাংশ হ্ৰাস কৰে। কিন্তু পৰৱৰ্তী দুখন পৰ্যালোচনা বৈঠকত কোনো পৰিৱৰ্তন কৰা নহ’ল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande