
তিনিচুকীয়া, ০৫ ডিচেম্বৰ (হি.স.): তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে পঞ্চায়ত সদস্য়ৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। জিলাখনৰ গুইজান পঞ্চায়তৰ অন্তৰ্গত ৭নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য সঞ্জয় দাসে অভিযোগ কৰি কয় যে ভুৱা নথিপত্ৰ দাখিল কৰা ৪নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পায়েল দাসৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ দিছিল যদিও আয়ুক্তগৰাকীয়ে এই বিষয়ো কোনো গুৰুত্ব নিদিলে।
অভিযোগ মতে, ভুৱা নথিপত্ৰ দাখিল কৰি ৪নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পায়েল দাসে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰি গুইজান পঞ্চায়তৰ সভানেত্ৰীৰ দৰে গধুৰ দায়িত্ব গ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণ কৰা আগৰেপৰাই সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে গুইজানবাসীয়ে জিলা আয়ুক্ত ওচৰত ভুৱা জাতিগত নথিপত্ৰ দাখিল কৰা বুলি অভিযোগ উত্থাপন কৰিছিল যদিও তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে কথাবোৰ গুৰুত্ব আৰোপ নকৰা অভিযোগ উত্থাপন হৈছে । লগতে জিলা আয়ুক্তই কিয় ৰাইজে দিয়া অভিযোগ যোৱা ৫মাহে কিয় গুৰুত্ব প্ৰদান কৰা নাই সেই বিষয়ে সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ