হাজোত চৰাই পূজা উদযাপন
কামৰূপ, ০৫ ডিচেম্বৰ (হি.স.)। হাজোত কালি নিশা চৰাই পূজা উদযাপন। আঘোণ মাহৰ পূৰ্ণিমা ৰাতি মহোহো উৎসৱৰ লগত সংগতি ৰাখি হাজোত যুৱতীসকলে আয়োজন কৰে এখন বিশেষ পূজা। চৰাই পূজা নামেৰে জনাজাত এই বিশেষ পূজাখন উদযাপন কৰাৰ এক বিশেষ কাৰণ। যুৱতীসকলে সুদৰ্শন যুৱক স্
হাজোত চৰাই পূজা উদযাপন


কামৰূপ, ০৫ ডিচেম্বৰ (হি.স.)। হাজোত কালি নিশা চৰাই পূজা উদযাপন। আঘোণ মাহৰ পূৰ্ণিমা ৰাতি মহোহো উৎসৱৰ লগত সংগতি ৰাখি হাজোত যুৱতীসকলে আয়োজন কৰে এখন বিশেষ পূজা। চৰাই পূজা নামেৰে জনাজাত এই বিশেষ পূজাখন উদযাপন কৰাৰ এক বিশেষ কাৰণ। যুৱতীসকলে সুদৰ্শন যুৱক স্বামী হিচাপে লাভ কৰিবলৈ হাজোত প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি উদযাপন কৰে চৰাই পূজা।

নিজে হাতে যুৱতীসকলে চৰাই তৈয়াৰ কৰি এইদৰে পুৰোহিতক আমন্ত্ৰণ কৰি যথাবিধি নীতি অনুসৰি কৰে চৰাই পূজা। আয়তীসকলৰ উৰুলী বিয়ানামৰ সুৰত উখল মাখল পৰিৱেশ। কাত্যায়িনী দেৱীক সন্তুষ্ট কৰি সুদৰ্শন যুৱক লাভ কৰাৰ মানসেৰে উলাহ মালহেৰে চৰাই পূজা উদযাপন কৰি হাজোৰ যুৱতীসকলে সুদৰ্শন যুৱক স্বামী হিচাপে লাভ কৰে বুলি বিশ্বাস প্ৰচলিত। অসমৰ ভিতৰত হাজোতেই উদযাপন হয় চৰাই পূজা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande