
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.): বিলাসীপাৰাত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলাপৰ নামত সংঘটিত হৈছে ভয়ংকৰ কাৰবাৰ। চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বিপিএল থকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ পৰা পাইকাৰী হাৰত ধন সংগ্ৰহ। টিলাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছে । অসম চৰকাৰে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ফৰ্ম পূৰণৰ ব্যৱস্থা কৰিছে যদিও ইয়াৰ মাজতে ধন সংগ্ৰহত নামিছে প্ৰধান শিক্ষক মনোৱাৰ হুছেইনে। চৰকাৰী দৰমহাত ভোগী প্ৰধান শিক্ষক মনোৱাৰ হুছেইনৰ কৰ্ম কাণ্ডকলৈ হতভম্ব বিলাসীপাৰাৰ সচেতন মহল।
উল্লেখ্য যে হাইস্কুল চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ নামত বিপিএল থকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ পৰা এটকাও সংগ্ৰহ নকৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষা বিভাগে। কিন্তু শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাক মুঠেও নামানে টিলাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক মনোৱাৰ হুছাইনে। ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে- বিনামূলীয়া ফৰ্ম পূৰণৰ নামত মনোৱাৰ হুছাইনে সকলোৰে পৰা পাইকাৰী হাৰত সংগ্ৰহ কৰিছে ৩০০ শ টকাকৈ। কেৱল এয়াই নহয়- অভিযোগ মতে- তিনিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ পৰা এপিএল ৰ কথাকৈ সংগ্ৰহ কৰিছে প্ৰায় ১ লাখ ৩৮ হাজাৰ টকা।পিছত চৰকাৰী পোৰ্টেলত সকলোকে বিপিএল দেখুৱাই হজম কৰিছে সমুদয় টকা।
ছাত্ৰ-ছাত্ৰীৰ ৰক্তপিপাষু এইগৰাকী প্ৰধান শিক্ষক মনোৱাৰ হুছাইনৰ ধন সংগ্ৰহ অভিযানত সহায় কৰিছে বিদ্যালয়খনৰ অন্যতম দুই নম্বৰী কেৰাণী আজিজুৰ ৰহমানে। চৰকাৰী দৰমহাত পেট নভৰা বিতৰ্কিত প্ৰধান শিক্ষক মনোৱাৰ হুছাইনৰ এই ভয়ংকৰ কাৰবাৰ পোহৰলৈ অহাৰ পিছত ক্ষুব্ধ হৈ পৰে শ শ শিক্ষাৰ্থী আৰু অভিভাৱক। মনোৱাৰ হুছাইনৰ এই দুই নম্বৰী কাৰবাৰকলৈ অভিভাৱকে কাষ চাপে সংবাদ মাধ্যমৰ। পিছত ঘটনা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত মনোৱাৰ হুছাইনৰ উত্তৰ- পূৰ্বৰ পৰাই ধন সংগ্ৰহৰ এই পৰম্পৰা চলি আহিছিল। সেয়েহে ময়ো ধন সংগ্ৰহ কৰিছো। মই ধন সংগ্ৰহ কৰিৱ কোৱা নাই, সহকাৰী শিক্ষক আৰু কেৰাণীয়ে ধন সংগ্ৰহ কৰিছে।
ইফালে মনোৱাৰ হুছাইনৰ সন্মুখতেই সহকাৰী শিক্ষকৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য- মোক ধন সংগ্ৰহ কৰিবলৈ প্ৰধান শিক্ষক মনোৱাৰ হুছাইনেই কৈছে। সকলোখিনি ধন তেওঁক চমজাই দিয়া হৈছে। এইদৰে বিনামূলীয়া ফৰ্ম পূৰণৰ নামত অনিয়ম সংঘটিত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ