

গুৱাহাটী, ০৫ ডিচেম্বৰ (হি.স.)। আজি বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে এগৰাকী ভণ্ড বাবা। গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় হোজাইৰ চাহিদুল আলী নামৰ ভণ্ড বাবাজনক। বাবাৰ ভাও ধৰি বেলতলাৰ এগৰাকী মহিলাৰ ঘৰলৈ আহি চলাইছিল লুট-পাত। ঘৰৰ পৰা লুটি নিছিল সোণৰ গহণাসহ অন্যান্য মূল্যৱান সামগ্ৰী।
অৱশেষত বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত সৰুপথাৰত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাবাজনক। উদ্ধাৰ হয় সোণৰ চেইন, আঙঠি, খাৰু, কাণফুলি, ৰূপৰ বেচলেট, ৰূপৰ খাৰু। এই ভণ্ড বাবাজনৰ চুৰি সামগ্ৰী ক্ৰয় কৰিছিল হোজাইৰ জিতেন্দ্ৰ আইচ নামৰ লোকজনে। ভণ্ড বাবাজনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় জিতেন্দ্ৰ আইচক।
উল্লেখ্য যে এই ভণ্ড বাবাজনে অসমৰ বিভিন্ন স্থানত এইদৰে চলাই আহিছিল লুট-পাত। অসমৰ বিভিন্ন স্থানত কেতিয়াবা বাবৰ ৰূপত আন কেতিয়াবা গহণা চাফ চিকুণ কৰাৰ নামত চলাই আহিছিল লুট-পাত। পূৰ্বেও এনে গোচৰ ৰুজু হৈ আছে চাহিদুল আলীৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar