

গুৱাহাটী, ০৫ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা। আজি পুৱা এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা অনুসৰি এখন এ এছ ০১ এল চি ৯৮৮৬ নম্বৰৰ মাৰুতি আৰটিগা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। এই দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ গ'ল দুগৰাকীকৈ লোকৰ। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিশু মহিলাসহ আন কেইবাগৰাকীকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
পুৱতি নিশা প্ৰায় ২.৩০ বজাত নগাঁৱৰ জুৰীয়াৰ আদাখুন্দাৰ পৰা শ্বিলঙলৈ আৰটিগা টেক্সী বাহনেৰে হৃদৰোগৰ চিকিৎসাৰ বাবে গৈ আছিল লোক কেইজনক। মৃত লোক দুজন ক্ৰমে ইমান আলী আৰু হাফিজুৰ ৰহমান। মৃত ইমান আলী আছিল হৃদৰোগৰ ৰোগী আৰু তেওঁৰ চিকিৎসাৰ বাবেই শ্বিলঙৰ হস্পিতাললৈ লৈ গৈছিল।
আহতসকলক ক্ৰমে বেবেজীয়াৰ মজিবুৰ ৰহমান(৩৮), নগাঁও ধিং ৰৌমাৰীৰ আলি ইছলাম (৩৪), ধিঙৰ জেবিন আখতাৰ(১৮), জুৰীয়াৰ পাৰবিনা বেগম(২৯), য়েচমিনা খাতুন (১২) আৰু ইক্ৰামূল ইছলাম(২৬) বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহদুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জব্দ কৰে। অৱশ্যে ট্ৰাকখন পলায়ন কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar