দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীত অৰুণোদয় আঁচনি সম্পৰ্কত সজাগতা সভা
কামৰূপ, ০৫ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীত অৰুণোদয় আঁচনি সম্পৰ্কত সজাগতা সভা। বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ উপস্থিতিত সজাগতা সভাৰ সফলভাৱে সামৰণি। সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত বকো সমষ্টিৰ বৰ্তমানৰ বিধায়িক
দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীত অৰুণোদয় আঁচনি সম্পৰ্কত সজাগতা সভা


কামৰূপ, ০৫ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীত অৰুণোদয় আঁচনি সম্পৰ্কত সজাগতা সভা। বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ উপস্থিতিত সজাগতা সভাৰ সফলভাৱে সামৰণি। সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত বকো সমষ্টিৰ বৰ্তমানৰ বিধায়িকা নন্দিতা দাসে বিতৰণ কৰিলে ২০০ তকৈ অধিক অৰুণোদয় আঁচনিৰ ফৰ্ম ।

ছমৰীয়া ব্লকৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিকলাংগ সকলৰ বাবে ফৰ্ম বিতৰণ বিধায়িকা নন্দিতা দাসৰ। দিনটো কাৰ্যসূচীত বিধায়িকা গৰাকীয়ে নিজ হাতেৰে হিতাধিকাৰীৰ মাজত অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰে।চিকিৎসালয় প্ৰাংগণত অনুষ্ঠিত এই সভাত প্ৰায় ছমৰীয়া ব্লকৰ অন্তৰ্গত প্ৰায় ২০০ শতাধিক বিকলাংগ লোক উপস্থিত থাকে বুলি জানিব পৰা যায়। আনহাতে এই সভাত অৰুণোদয় আঁচনি সম্পৰ্কে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়িকা নন্দিতা দাসে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande