
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.)। জুৰীয়াত ভয়াবহ পথ দুৰ্ঘটনা। জুৰীয়াৰ কলনিজলাহত সংঘটিত হয় দুৰ্ঘটনাটো।
জানিব পৰা অনুসৰি উদণ্ড বাইক চালকে নিয়ন্ত্ৰন হেৰুৱাই এটি বিদ্যুতৰ পকি খুটাত খুন্দা মাৰে। তীব্ৰজোৰে খুন্দা মাৰাৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বাইকখনত থকা দুজনকৈ আৰোহী। সংকট জনক অৱস্থাত দুয়োজনক নগাৱলৈ প্ৰেৰণ কৰা হৈছে।
আহত দুয়োজন লোকৰ ঘৰ জুৰীয়াৰ কাষৰীত বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা