
কামৰূপ, ০৪ ডিচেম্বৰ (হি.স.): ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ৰঙিয়াত বিশাল অনুষ্ঠান আয়োজন কৰি প্ৰায় ৩৩ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকীয়া চেক প্ৰদান কৰিছিল । কিন্তু ৰঙিয়াত কেবাগৰাকী মহিলাই এই পইচা চেকৰ যোগেদি বেংকত উলিয়াব গৈ বিপাঙত পৰিছে ।
উল্লেখযোগ্য ৰঙিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত ৰিহা আত্মসহায়ক গোটৰ কেবাগৰাকী সদস্যই ৰঙিয়া বাছ ষ্টেণ্ডত থকা ইণ্ডিয়ান বেংকত থকা নিজৰ একাউণ্টত চেক জমা কৰে, কিন্তু দুদিন পিছত যোৱা কালি বিয়লি খবৰ কৰি গম পাই যে তেওঁলোকৰ পইচাটো হ’ল্ড কৰি থৈছে বেংক কৰ্তৃপক্ষই । এই বিষয়ে বেংক শাখা প্ৰবন্ধকক অৱগত কৰোঁতে তেওঁ কয় যে মহিলা কেইগৰাকীৰ স্বামী সকলে আগতে কেচিচি ঋণ লৈছিল আৰু এই ঋণৰ ধন পৰিশোধ কৰা নাছিল তাৰ বাবে পইচাটো হ’ল্ড কৰি থৈছে বেংকে । সমগ্ৰ বিষয়টোক লৈ সমস্যাত পৰি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি কাকুতি মিনতি কৰিছে মহিলা কেইগৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ