
চৰাইদেউ, ০৪ডিচেম্বৰ (হি.স.)। সোণাৰিৰ সাপেখাতীত দুই ভণ্ড বাবাক ৰাইজৰ উত্তম মধ্যম। এগৰাকী ছাত্ৰীক মুখত সোপা দি অনৈতিক কাৰ্য্য কৰাৰ অভিযোগ ৷ কৌৰ উপাধিৰ মহিলা গৰাকীৰ ঘৰত কোনো নথকা অৱস্থাত কন্যাক মুখত সোপা দি অশালীন ব্যৱহাৰ কৰে দুই ভণ্ড বাবাই।
হাৰিয়ানাৰ পৰা অহা দুই ভণ্ড বাবাৰ নাম কলু নাথ আৰু ধৰমপাল নাথ।ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মাতৃক চাহ বনাবলৈ কৈ বিভিন্ন কথাৰে ছাত্ৰী গৰাকীৰ সৈতে অনৈতিক কাৰ্য্যত লিপ্ত হয়।
পৰবৰ্তী সময়ত ছাত্ৰী গৰাকীয়ে ফোন যোগে মোমায়েকক সকলো কথা বিৱৰি কোৱাত খেদি খেদি দুই ভণ্ড বাবাক ৰাইজে আটক কৰি উত্তম মধ্যম দি আৰক্ষীক গটাই দিয়ে। বৰ্তমান দুই ভণ্ড বাবা সাপেখাতী আৰক্ষী থানাৰ আলহী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা