বজালীৰ চৌখুটী নগৰগাঁৱত বিদ্য়ুৎস্পৃষ্ট হৈ জোৱানৰ মৃত্য়ু
বজালীৰ চৌখুটী নগৰগাওঁত অঘটন ।
বজালীৰ চৌখুটী নগৰগাঁৱত বিদ্য়ুৎস্পৃষ্ট হৈ জোৱানৰ মৃত্য়ু


বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.): বজালীৰ চৌখুটী নগৰগাঁৱত যোৱা কালি বুধবাৰে বিয়লি এক অঘটন সংঘটিত হয় । বিদ্য়ুৎস্পৃষ্ট হৈ এগৰাকী জোৱান মৃত্য়ুমুখত পৰে। ঘৰৰ পানীতোলা মটৰৰ বৈদ্যুতিক শ্ব'ক লাগি মৃত্যু হয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ত কৰ্মৰত জোৱান জনৰ ।

নিহত চিআৰপিএফ জোৱান জন বৰবাং ভালাগুৰিৰ সঞ্জয় চৌধুৰী (৪০) বুলি পৰিচয় পোৱা গৈছে । উল্লেখ্য় যে চিআৰপিএফ জোৱান হিচাপে নগাঁৱত কৰ্মৰত আছিল সঞ্জয় চৌধুৰী । ভতিজাকৰ বিয়াৰ বাবে দুদিন পূৰ্বে ছুটিত আহিছিল জোৱান জন । এই সময়তে উক্ত শোকাৱহ ঘটনাটো ঘটে। পিছত দণ্ডাধীশৰ লগতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জোৱানজনৰ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে । বৈবাহিক মাংগলিক কাৰ্যৰ মাজতে এই শোকাৱহ ঘটনাই অঞ্চলটোত শোকৰ লহৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande