তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা
তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ।
তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা


তিনিচুকীয়া, ০৪ ডিচেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ গেলাপুখুৰী বাইপাছত যোৱা কালি বুধবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথৰে গৈ থকা সময়ত ৭টা গৰু সহ এজন মানুহক খুন্দিয়াই পলায়ন কৰে টিটিচি ইমফ্ৰা (TTC IMFRA) নামৰ কোম্পানীৰ ডাম্পাৰ এখন।

জানিব পৰা মতে আঘাতপ্ৰাপ্ত ব্যক্তিজন চানমাৰি টিন লাইনৰ বাসিন্দা লাছু প্ৰজা বুলি পৰিচয় পোৱা গৈছে । লাছু প্ৰজাক ততাতৈয়াকৈ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তিৰ কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।ইয়াৰ পিছতে গেলাপুখুৰী বাইপাছত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande