
ধুবুৰী, ০৪ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰা চহৰৰ মাজ মজিয়াত এগৰাকী কিন্নৰক আক্ৰমন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে | ধুবুৰীৰ পৰা আহি বিলাসীপাৰাত উপস্থিত হৈছিল কিন্নৰ গৰাকী | কিন্নৰ গৰাকী বিলাসীপাৰাত দেখা পাই ছফিকুল হক নামৰ এজন ই– ৰিক্সা চালকে অশ্লীল ইংগিত দিয়ে |
ই– ৰিক্সা চালক জনৰ এনে অশ্লীল ইংগিতৰ সঁহাৰি নিদিয়াত কিন্নৰ গৰাকীক চহৰ খনৰ মুলপথতে শাৰিৰীক ভাবে প্ৰহাৰ কৰে ছফিকুল হকে |
উক্ত ঘটনাৰ পিছতে চহৰ খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও ছেগ বুজি লম্পট ই ৰিক্সা চালক জনে পলাই যায় | পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিন্নৰ গৰাকীক উদ্ধাৰ কৰাৰ লগতে ই– ৰিক্সা খন জব্দ কৰি থানা লৈ নিয়ে | ইয়াৰ পিছতে কিন্নৰ গৰাকী বিলাসীপাৰা আৰক্ষী থানাত ছফিকুলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু বিগত এটা বছৰ ধৰি কিন্নৰ গৰাকীক মানসিকভাৱে নিৰ্যাতন চলাই অহা ছফিকুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰশাসনক |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা