ধুবুৰী সাংসদ ৰকিবুল হুচেইন আৰু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰশিদ আলমক কঠোৰ সমালোচনা
গোৱালপাৰা, ০৪ ডিচেম্বৰ (হি.স.)। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকে এইবাৰ গৰজি উঠিল ধুবুৰী সাংসদ ৰকিবুল হুচেইন আৰু পূৱ গোৱালপাৰা বিধায়ক এ কে ৰশিদ আলমৰ বিৰুদ্ধে। দুয়োকে কঠোৰ সমালোচনা স্থানীয় ৰাইজৰ। নদীৰ পাৰত শিবিৰ বান্ধি থকা এইসকল
ধুবুৰী সাংসদ ৰকিবুল হুচেইন আৰু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰশিদ আলমক কঠোৰ সমালোচনা


গোৱালপাৰা, ০৪ ডিচেম্বৰ (হি.স.)। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকে এইবাৰ গৰজি উঠিল ধুবুৰী সাংসদ ৰকিবুল হুচেইন আৰু পূৱ গোৱালপাৰা বিধায়ক এ কে ৰশিদ আলমৰ বিৰুদ্ধে। দুয়োকে কঠোৰ সমালোচনা স্থানীয় ৰাইজৰ। নদীৰ পাৰত শিবিৰ বান্ধি থকা এইসকল উচ্ছেদিত লোকে আগন্তক ২৬ ৰ নিৰ্বাচনত সমষ্টিৰ বিধায়কক প্ৰত্য়ুত্তৰ দিয়াৰ বাৱে সাজু ।

মুছলমানৰ ভোটেৰে সাংসদ হোৱা এইজন ৰকিবুল হুচেইনে এদিনো উচ্ছেদিতৰ কাষত আহি নললে খৱৰ। ডকাইতৰ আখ্যা দিলে সাংসদ ৰকিবুল হুচেইনক। মুছলমান জাতিক ধ্বংস কৰি দিলে ৰকিবুল হুচেইনে। মুছলমানৰ ভোটলৈ চামুগুৰিত গৈ থকাৰ অভিযোগ উচ্ছেদিতৰ।

সাংসদ ৰকিবুল হুচেইনৰ কোনো ভুমিকা নথকা বাবে আজি তেওলোক উচ্ছেদ হৈছে। পোন্ধৰ বছৰ আগতে বনমন্ত্ৰী হৈ থকা অৱস্থাত এইবোৰ আইন বনাই থৈ গৈছে। দহ লক্ষ ভোটত জিকোৱা ৰকিবুলে আজি আমাক দিলে তাৰ পৰিনাম। প্ৰচণ্ড শীতত শিশু বৃদ্ধসহ আজি ত্ৰিপালৰ তলত থাকিব লগা হৈছে।

সেয়ে চৰকাৰলৈ অনুৰোধ যাতে পুনৰ সংস্হাপনৰ ব্যৱস্থা কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande