ধঁপাতৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰিবলৈ কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ত সংসদৰ অনুমোদন
নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। সংসদে বৃহস্পতিবাৰে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত কৰে আৰু বিধেয়ক খন ৰাজ্যসভাই অনুমোদন জনাই পুনৰ লোকসভালৈ প্ৰেৰণ কৰে। ইতিমধ্যে বুধবাৰে লোকসভাই কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত কৰিছিল
केंद्रीय उत्पाद शुल्क (संशोधन) विधेयक, 2025 पर चर्चा का जवाब देते वित्‍त मंत्री


নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। সংসদে বৃহস্পতিবাৰে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত কৰে আৰু বিধেয়ক খন ৰাজ্যসভাই অনুমোদন জনাই পুনৰ লোকসভালৈ প্ৰেৰণ কৰে। ইতিমধ্যে বুধবাৰে লোকসভাই কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত কৰিছিল। ফলস্বৰূপে ৰাজ্যসভাই শুকুৰবাৰলৈ কাৰ্য্যবিধি স্থগিত ৰাখে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাজ্যসভাত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ সন্দৰ্ভত আলোচনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইনখনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সদস্যৰ প্ৰশ্নৰ উত্তৰ দিয়ে। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ ৰাজ্যসভাত বিবেচনাৰ বাবে উত্থাপন কৰিছিল।

ৰাজ্যসভাত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ সন্দৰ্ভত হোৱা আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্মলা সীতাৰমণে কয় যে, পশ্চিম বংগক এই চৰকাৰে কেতিয়াও আওকাণ কৰা নাই। আচলতে টিএমচি চৰকাৰেই পশ্চিম বংগৰ উন্নয়নৰ ক্ষতি কৰিছে। ২০১৯ চনৰ জানুৱাৰী মাহত আয়ুষ্মান ভাৰত আঁচনিৰ পৰা পশ্চিম বংগ আঁতৰি আহিছিল। বংগৰ বাবে এইটো ভাল নেকি? উদ্যোগসমূহে পশ্চিম বংগ এৰিছে।

বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত বিত্তমন্ত্রীয়ে সদনক অৱগত কৰে যে কৃষকসকলক ধঁপাত ত্যাগ কৰি অন্যান্য নগদ শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰা হৈছে৷ জি এছ টি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা চেছৰ সৈতেও ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মানদণ্ডত উপনীত হোৱা নাই বুলিও কয় ছানীয়ে। ফলত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যয়সাধ্যতা সূচকাংক উচ্চ হৈয়েই জনস্বাস্থ্যৰ লক্ষ্যক ক্ষতিগ্ৰস্ত কৰে।

কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ সন্দৰ্ভত হোৱা আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীতাৰমণে কয় যে ৪৯ লাখৰো অধিক পঞ্জীয়নভুক্ত বীড়ি শ্ৰমিক আছে। তেওঁ লগতে কয় যে কৃষকসকলক ধঁপাতৰ পৰা অন্যান্য নগদ শস্যলৈ স্থানান্তৰিত হ’বলৈ উৎসাহিত কৰা হৈছে। অন্ধ্ৰ প্ৰদেশ, বিহাৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত এই কাম কৰা হৈছে। এই ৰাজ্যসমূহত ধঁপাতৰ বাহিৰেও এক লাখ একৰতকৈ অধিক মাটি ব্যৱহাৰ কৰা হৈছে। তেওঁলোকৰ কল্যাণৰ বাবে শ্ৰম মন্ত্ৰালয়ে চলাই আছে আঁচনি। তেওঁলোকৰ বাবে চিকিৎসালয় আৰু ঔষধৰ দোকান চলোৱা হৈছে।

২০১৭ চনত যেতিয়া সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে ৰাজ্যসমূহৰ ৰাজহ এটা নিৰ্দিষ্ট স্তৰৰ তললৈ নামি গ’লে ক্ষতিপূৰণ দিয়া হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তেতিয়া উল্লেখ কৰিছিল যে কেন্দ্ৰীয় আবকাৰী শুল্কৰ অধীনত সেই সামগ্ৰীসমূহৰ বাবে মাত্ৰ এটা টোকেন ধন সংগ্ৰহ কৰা হ’ব, আৰু সমগ্ৰ ধন জি এছ টি ক্ষতিপূৰণৰ দিশত যাব। যিহেতু এই বস্তুবোৰ ২৮% কৰ স্লেবৰ অধীনত পৰিছিল, সেয়েহে ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ বাবে ক্ষতিপূৰণৰ চেছও সংগ্ৰহ কৰা হৈছিল। এই বিধেয়কখনে কেন্দ্ৰীয় আবকাৰী আইন, ১৯৪৪ সংশোধন কৰিব বিচাৰিছে।

এই আইনখনে ভাৰতত নিৰ্মিত বা উৎপাদিত সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক আৰোপ আৰু সংগ্ৰহৰ ব্যৱস্থা কৰিছে। বিধেয়কখনৰ লক্ষ্য হৈছে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্কৰ হাৰ সলনি কৰা, যাতে এই সামগ্ৰীসমূহৰ ওপৰত কৰ বৰ্তমানৰ স্তৰত থাকে। এই বিধেয়কখনে অপ্ৰক্ৰিয়াকৃত ধঁপাত, প্ৰক্ৰিয়াকৃত ধঁপাত, ধঁপাতজাতীয় সামগ্ৰী, আৰু ধঁপাতৰ বিকল্পৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক বৃদ্ধি কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande