
নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে বৃহস্পতিবাৰে ৰাজ্যসভাত বিবেচনাৰ বাবে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ উত্থাপন কৰে। বুধবাৰে লোকসভাই বিধেয়কখন গৃহীত কৰে।
কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ক লৈ ৰাজ্যসভাত চৰ্চা চলি আছে। সংসদৰ দুয়োটা সদনে গৃহীত হোৱাৰ পিছত এই বিধেয়কখনে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ক্ষতিপূৰণৰ চেছৰ ঠাইত কেন্দ্ৰীয় আবকাৰী শুল্ক বৃদ্ধি কৰিব। ধঁপাতজাতীয় সামগ্ৰী (চিগাৰেট, চিগাৰ, ধঁপাত আৰু চাধা)ৰ ওপৰত নতুন আবকাৰী শুল্ক আৰোপ কৰাৰ ব্যৱস্থাও বিধেয়কখনত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা জি এছ টি ক্ষতিপূৰণৰ চেছ বিলুপ্ত হোৱাৰ পিছতো কৰ বোজা একেই থাকিব।
জি এছ টিৰ ফলত হোৱা ৰাজহ ক্ষতিৰ ক্ষতিপূৰণ দিবলৈ ২০১৭ চনত জি এছ টি ক্ষতিপূৰণ চেছ ৰূপায়ণ কৰা হৈছিল। ৰাজ্যসমূহক ক্ষতিপূৰণৰ সময়সীমা ২০২৫ চনত শেষ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ