
বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.): বৰপেটাৰ পাকাবেতবাৰী সমষ্টিৰ ভেৰালদিবাসী নৈপৰীয়া ৰাইজে দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত দূৰ্ভোগ ভূগি আহিছে। ভেৰালদিবাসী ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিকসকলেয়ে দলঙৰ অভাৱত নদীৰ মাজেৰে টুলুঙা নাওঁ, ভূৰৰে বিপদজনক যাতায়ত কৰিবলৈ বাধ্য় হৈছে। বৰপেটাৰ বিভিন্ন ঠাইলৈ শ শ লোকে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিব লগা হৈছে।
পাকাবেতবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই অসুবিধা দূৰ কৰাত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি পিঠি দিয়ে ৰাইজক। পূৰ্বে বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত পাকাবেতবাৰী সমষ্টিৰ অধীনস্থ হৈছে দলংঙৰ দুয়োপাৰৰে বাসিন্দা। ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক বাৰাম্বাৰ কাবৌ মিনতি কৰিও সুফল নাপালে। সেয়েহে নিৰ্বাচনত এসেকা দিয়াৰ বাবে প্ৰস্তুত হৈছে ৰাইজ।
ইপিনে বৰপেটা লোক নিৰ্মাণ বিভাগেও উক্ত ঠাইত দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। যাৰ বাবে অঞ্চলটোৰ ৰাইজ আজি ওলাই আহি বিধায়ক আৰু বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। শীঘ্ৰেই এখন দলং নিৰ্মাণ কৰাৰ দাবী জনাইছে ভূক্তভোগী ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ