প্ৰধানমন্ত্ৰী মোদীৰ ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ, কেইবাটাও প্ৰকল্প কৰিব উদ্বোধন
গুৱাহাটী, ০৪ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়াকৈ অসম ভ্ৰমণলৈ আহিব । এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজ্যৰ কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে এটা বৃহৎ উদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ম
प्रधानमंत्री माेदी


গুৱাহাটী, ০৪ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়াকৈ অসম ভ্ৰমণলৈ আহিব । এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজ্যৰ কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে এটা বৃহৎ উদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক উচ্চ পর্যায়ৰ বৈঠকত প্রধানমন্ত্রীৰ ভ্রমণৰ প্রস্তুতিৰ পর্যালোচনা কৰে৷

ভ্ৰমণৰ প্ৰথম দিনা অৰ্থাৎ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন ৰাজহুৱা সভাত ভাষণ দিব।

দ্বিতীয় দিনা অৰ্থাৎ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰতিষ্ঠা হ’বলগীয়া এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১২.৭ মেট্ৰিক টন হ’ব।

কইনাধৰাত অনুষ্ঠিত হোৱা বৈঠকত কেইবাগৰাকীও ৰাজ্যৰ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে জড়িত সকলো ব্যৱস্থা পুনৰীক্ষণ কৰা হয়। মুখ্যমন্ত্রীয়ে সকলো বিভাগকে সমন্বয় সাধন কৰি পূৰ্ণ তৎপৰতাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এই ভ্ৰমণ সফলভাৱে সমাপ্ত হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande