মঙলদৈত সংঘটিত শোকাৱহ দুর্ঘটনাত এজন নিহত
দৰং, ০৪ ডিচেম্বৰ (হি.স.)। মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা। পথৰ দাঁতিৰ খাৱৈত পৰি নিহত এজন লোক। মঙলদৈৰ ২ নং বেজপাৰাত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো। পুৱা প্ৰাতঃভ্রমনলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। নিহত লোকজনক মঙলদৈৰ নাহৰবাৰীৰ শ্যামল শৰ
মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা


মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা


দৰং, ০৪ ডিচেম্বৰ (হি.স.)। মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা। পথৰ দাঁতিৰ খাৱৈত পৰি নিহত এজন লোক। মঙলদৈৰ ২ নং বেজপাৰাত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো। পুৱা প্ৰাতঃভ্রমনলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। নিহত লোকজনক মঙলদৈৰ নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে। শ্যামল শৰ্মা মঙলদৈ ড্ৰিম থিয়েতাৰ চিনেমা হলৰ অপাৰেটৰ আছিল।

মঙলদৈৰ অন্যতম ছবিগৃহ ড্ৰিম থিয়েতাৰ ৰ অপাৰেটৰ হিচাবে কৰ্মৰত শ্যামল শৰ্মা নামৰ লোক জনে নিশাৰ শেষৰ দৰ্শনী সমাপ্ত কৰি নিজ গৃহ নাহৰবাৰীলৈ গৈ আছিল। বাইকেৰে গৈ থকা অৱস্থাত উক্ত অঞ্চলত দুর্ঘটনাগ্ৰস্ত হৈ পথৰ কাষতে থকা এটা মেটেকা ভৰ্তি খাৱৈত পৰি যায়।

পুৱা একাংশ লোকে আহি প্ৰথমে পথৰ ওপৰত মোবাইলটো প্ৰত্যক্ষ কৰে, তাৰ পিছত অলপ বিচাৰ-খোঁচাৰ কৰাৰ পিছত বাইক খন আৰু মেটেকাৰ তলত পৰি থকা অৱস্থাত লোক জনকো প্ৰত্যক্ষ কৰে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande