মঙলদৈত শোকাবহ দুর্ঘটনা, এজন নিহত
দৰং, ০৪ ডিচেম্বৰ (হি.স.)। মঙলদৈত নিশা শোকাবহ দুর্ঘটনা। পথৰ কাষৰ লাইট পোষ্ট ত খুন্দা মাৰি এজনৰ মৃত্যু। ২ নং বেজপাৰাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। প্ৰাতঃভ্রমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ। মৃত লোকজন নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে। শ
মঙলদৈত শোকাবহ দুর্ঘটনা, এজন নিহত


দৰং, ০৪ ডিচেম্বৰ (হি.স.)। মঙলদৈত নিশা শোকাবহ দুর্ঘটনা। পথৰ কাষৰ লাইট পোষ্ট ত খুন্দা মাৰি এজনৰ মৃত্যু। ২ নং বেজপাৰাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। প্ৰাতঃভ্রমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ।

মৃত লোকজন নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে। শ্যামল শৰ্মা মঙলদৈ ড্ৰীম থিয়েটাৰ ৰ অপাৰেটৰ আছিল।

নিশা নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাত লাইট পোষ্ট ত খুন্দিয়াই পথৰ কাষতে থকা এটা মেটেকা ভৰ্তি খাৱৈ ত পৰি যায় লোকজন।

প্ৰাতঃ ভ্ৰমণলৈ যোৱা একাংশ লোকে প্ৰথমে পথৰ ওপৰত মোবাইলটো প্ৰত্যক্ষ কৰে, তাৰ পিছত অলপ চোৱাছিটা কৰাৰ পিছত বাইক খন আৰু মেটেকাৰ তলত মানুহ জনকো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষদৰ্শীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande