নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ অভিযানত তিনিখনকৈ বাহন জব্দ
নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দলে অভিযান চলাই জব্দ কৰিছে তিনিখনকৈ বাহন ।
নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ অভিযানত তিনিখনকৈ বাহন জব্দ


বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.): নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দলে আজি পুৱা অভিযান চলাই জব্দ কৰিছে তিনিখনকৈ বাহন । অবৈধ বালি আৰু মাটি সৰবৰাহৰ অভিযোগত জব্দ কৰা হয় দুখন নম্বৰ বিহীন ট্ৰেক্টৰ আৰু এখন ব'লেৰো পিকআপ ।

জব্দকৃত ব'লেৰো পিকআপ গাড়ীখনৰ নম্বৰ এএছ ২৫ ইচি ৩২৩৪ বুলি জানিব পৰা গৈছে। জব্দকৃত তিনিওখন বাহন ইতিমধ্যে নগৰবেৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়া হৈছে। জানিব পৰা মতে, মালিবাৰী, বালিঝাৰ আৰু জয়বাংলাৰ পৰা জব্দ কৰা হৈছে বাহন তিনিখন। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এটা চক্ৰই অবৈধভাৱে বালি আৰু মাটিৰ বৃহৎ ব্যৱসায় চলাই আহিছে। এনে অবৈধ বালি, মাটি সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে বন বিভাগে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande