নগাঁৱত ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত শীঘ্ৰেই চলিব উচ্ছেদ
নগাঁও, ০৪ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ ভকত গাঁও গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদৰ জাননী পোৱাৰ পাছতেই প্ৰশাসনক সমৰ্থন জনাই বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি ঢাপলী মেলিছে অন্য ঠাইলৈ। ভকত গাওঁৰ গ্ৰেজিং ৰিজাৰ্ভৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘা মাটি ত্যাগ কৰাৰ বাবে জাননী জাৰী কৰি
নগাঁৱত ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত শীঘ্ৰেই চলিব উচ্ছেদ


নগাঁৱত ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত শীঘ্ৰেই চলিব উচ্ছেদ


নগাঁও, ০৪ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ ভকত গাঁও গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদৰ জাননী পোৱাৰ পাছতেই প্ৰশাসনক সমৰ্থন জনাই বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি ঢাপলী মেলিছে অন্য ঠাইলৈ। ভকত গাওঁৰ গ্ৰেজিং ৰিজাৰ্ভৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘা মাটি ত্যাগ কৰাৰ বাবে জাননী জাৰী কৰিছে চামগুৰি ৰাজহ চক্ৰ বিষয়াই।

১৫ দিনৰ ভিতৰত শতাধিক বেদখলীয়ে ত্যাগ কৰিব লাগিব গ্ৰেজিং ৰিজাৰ্ভ। যোৱা ১৮ নবেম্বৰ তাৰিখে জাননী দিছিল প্ৰশাসনে। ১৯৯৯ চনত ৰাজহ বিভাগে আৱন্টন দিয়া ভূমিতো বেদখলকাৰীয়ে গঢ়ি তুলিছে গাঁও। প্ৰশাসনক সন্মান জনাই ইয়াত বহবাস কৰা লোক সকলে নিজৰ আচবাব লৈ ঢাপলি মেলিছে নিজৰ নিজৰ গন্তব্যস্থান লৈ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande