মৰিয়নিত ঠিকাদাৰে ছমাহে সম্পূৰ্ণ নকৰিলে অংগনবাড়ি কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম
মৰিয়নিত অংগনবাডিৰ ঠিকাদাৰে ছমাহে সম্পূৰ্ণ নকৰিল কেন্দ্ৰতোৰ গৃহ নিৰ্মাণৰ কাম।
মৰিয়নিত ঠিকাদাৰে ছমাহে সম্পূৰ্ণ নকৰিলে অংগনবাড়ি কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম


যোৰহাট, ০৪ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধিনৰ অংগনবাড়ি কেন্দ্ৰ এটিৰ গৃহ নিৰ্মাণৰ কাম ছমাহ ধৰি নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ পেলাই থৈছে। মৰিয়নিৰ হাতীজুৰি জয়পুৰ গাওঁ খনত থকা একমাত্ৰ অংগনবাড়ি কেন্দ্ৰটো জহি খহি যোৱাৰ ফলত ছমাহ পূৰ্বে নতুনকৈ নিৰ্মাণৰ বাবে ঠিকাদাৰক ধন আৱন্টন দিছিল।

উল্লেখ্য় যে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কেন্দ্ৰতো নতুন কৈ নিৰ্মাণ কৰিবৰ বাবে ছমাহ পূৰ্বে পঁচিশ লাখ টকা আবন্টন দিছিল। পিছে ঠিকাদাৰে ছমাহে সম্পূৰ্ণ নকৰিল কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ কাম । যাৰফলত এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰটোৰ কৰ্মী সহায়িকাৰ লগতে স্থানীয় ৰাইজসকল । মন কৰিবলগীয়া যে অংগনবাড়ি কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱা–নোহোৱাৰ বিষয়ে দায়িত্বত থকা বিভাগীয় অভিযন্তা জনেও কোনো স্পষ্টকৈ জনাব পৰা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande