
নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে লোকসভাত ঘোষণা কৰে যে দেশত বৰ্তমানৰ টোল সংগ্ৰহ ব্যৱস্থা এবছৰৰ ভিতৰত পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব। ইয়াৰ ঠাইত নতুন ইলেক্ট্ৰনিক টোল সংগ্ৰহ মডেলৰ ব্যৱস্থা কৰা হ’ব, যিয়ে ঘাইপথ ব্যৱহাৰকাৰীসকলৰ বাবে সম্পূৰ্ণ নিৰৱচ্ছিন্ন আৰু উন্নত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব।
লোকসভাত প্রশ্ন ঘন্টাৰ সময়ত গাডকাৰীয়ে কয় যে এই নতুন ব্যৱস্থাটো ১০টা স্থানত পাইলট প্রয়োগ কৰা হৈছে আৰু আগন্তুক বছৰৰ ভিতৰত দেশজুৰি সম্প্ৰসাৰণ কৰা হ’ব ৷ তেওঁ কয়, এই টোল ব্যৱস্থা শেষ হ'ব। টোলৰ নামত আপোনাক কোনেও বাধা নিদিয়ে। এবছৰৰ ভিতৰত সমগ্ৰ দেশতে ইলেক্ট্ৰনিক টোল সংগ্ৰহ কাৰ্যকৰী হ'ব।
মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সমগ্ৰ দেশতে ₹১০ লাখ কোটি টকাৰ ৪৫০০ৰো অধিক ঘাইপথ প্ৰকল্প চলি আছে। ভৱিষ্যতে টোল বুথত ৰৈ থকাৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
গডকাৰীয়ে কয় যে নতুন ব্যৱস্থাৰ অধীনত কেৱল পথ ব্যৱহাৰকাৰীৰ প্ৰৱেশৰ ৰেকৰ্ড কৰা হ’ব। ফটো আৰু ফাষ্টগৰ জৰিয়তে নম্বৰ প্লেটসমূহ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰা হ’ব আৰু নিৰ্ধাৰিত মাচুল গাড়ীখন প্ৰৱেশ কৰা স্থানৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব। তেওঁ আশ্বাস দিয়ে যে এই নতুন প্ৰযুক্তিয়ে স্বচ্ছতা আৰু সুবিধা দুয়োটা বৃদ্ধি কৰিব আৰু টোল প্লাজাত যানজঁট সম্পূৰ্ণৰূপে নাইকিয়া কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ