
নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। দিল্লীৰ বৰ্ধিত প্ৰদূষণ আৰু শ্বাসৰুদ্ধকাৰী বায়ুৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সংসদ পৰিসৰৰ মকৰ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী, কে চি ভেনুগোপাল, লোকসভাৰ কংগ্ৰেছৰ উপ নেতা গৌৰৱ গগৈকে ধৰি কেইবাটাও দলৰ জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। দিল্লীৰ বৰ্ধিত প্ৰদূষণক সম্বোধন কৰি বিৰোধী নেতাসকলেও হাতত পোষ্টাৰ আৰু বেনাৰ হাতত লৈ প্ৰতিবাদ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ