

গুৱাহাটী, ০৪ ডিচেম্বৰ (হি.স.)। সোণাপুৰৰ ৰজাখাট প্ৰাথমিক বিদ্যালয়ত ডিমৰীয়া শিক্ষা খণ্ডৰ উদ্যোগত আৰু সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ শিক্ষা বিভাগৰ সহযোগত আন্তঃ ৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন । এই উপলক্ষে এখনি মুকলি সভা আৰু পুৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবীন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে মুকলি সভাত মূল বক্তৃতা প্ৰদান কৰে সোণাপুৰ কলেজ(স্বায়ত্বশাসিত)ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ ডলী ঠাকুৰীয়াই। বক্তৃতা প্ৰদান কৰি ডo ঠাকুৰীয়াই আন্তঃ ৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ মূল তাৎপৰ্য ব্যাখ্যা কৰি দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ অধিকাৰ, মৰ্য্যদা, কল্যাণ আৰু সজাগতা সন্দৰ্ভত এক আলোকপাত কৰে।
ডিমৰীয়া শিক্ষা খণ্ডৰ সমন্নয়ক জয়ন্ত কলিতাই আঁত ধৰা সভাখনত সহকাৰী সমন্নয়ক কৰবী দাস, হিমানী দাস, ফলিতা মেধি, মামণি বড়ো, মমতা লালুং, দময়ন্তী দাস, ফিজিউথেৰেপিষ্ট অনিন্দিতা বৰা, অভিভাৱক সমিতিৰ সভাপতি অনিল বৰুৱা,সম্পাদক শেৱালি বৰা, ৰজাখাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী নিৰু ৰাহাং আৰু চাকনি বাৰী প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখা বৰ্মন উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে। তদুপৰি অনুষ্ঠানত সোণাপুৰ মহাবিদ্যালয়( স্বায়ত্ব শাসিত)ৰ শিক্ষা বিভাগৰ অধ্যাপক মণ্ডলী ক্ৰমে- হেনা দিব্ৰাগেদে, নিতুশ্ৰী বৰ্মন আৰু ৰুম্পা দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে। সভাত খেল ধেমালি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক সোণাপুৰ কলেজৰ শিক্ষা বিভাগৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়। স্মৰ্তব্য যে ডিমৰীয়া শিক্ষা খণ্ডৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় দিব্যাংগ দিৱসটি সপ্তাহ জুৰি পালন কৰা হয় আৰু এই উপলক্ষে যোৱা ২৯ নবেম্বৰত সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ শিক্ষা বিভাগৰ সহযোগত ক্ষেত্ৰী আদর্শ বিদ্যালয়ত এখনি অভিভাৱক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত ড০ ডলী ঠাকুৰীয়াই সমল ব্যক্তি হিচাপে উপস্থিত থাকে।উল্লেখ্য যে শিক্ষা বিভাগৰ অধ্যাপিকা ড০ ডলী ঠাকুৰীয়াই কিছুদিন পূৰ্বে বধিৰ ছাত্ৰ ছাত্ৰী সকলৰ সমস্যা সন্দৰ্ভত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে আৰু দিব্যাংগ ছাত্ৰ ছাত্ৰী , অভিভাৱক সকলে ঠাকুৰীয়াক পাই সভাত আনন্দ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar