
নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপকৰ বিধেয়ক, ২০২৫ লোকসভাত আলোচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে। বিধেয়কখনৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাস্থ্যৰ বাবে অতিৰিক্ত সম্পদ সংগ্ৰহৰ বাবে উপকৰ আৰোপ কৰা।
বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে এই চেছ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত নহয়, ধঁপাত আৰু পান মছলাৰ দৰে সামগ্ৰীৰ ওপৰত জাপি দিয়া হ’ব। ইয়াৰ উপৰিও স্বাস্থ্য সম্পৰ্কীয় আঁচনিৰ বাবে ধন সংগ্ৰহ কৰাৰ লগতে সামৰিক আৰু নিৰাপত্তা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সম্পদ সংগ্ৰহ কৰিব। তেওঁ লগতে কয় যে পান মছলাৰ ওপৰত চেছ জাপি দিলে ইয়াৰ ব্যৱহাৰো হ্ৰাস পাব। স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য সম্পৰ্কীয় আঁচনি আৰু কাৰ্যকলাপৰ বাবে ৰাজ্যসমূহৰ সৈতে কৰৰ এটা অংশ ভাগ কৰা হ’ব। পান মছলাৰ ওপৰত ৪০ শতাংশ কৰ অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে ।
বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে পান মছলাৰ ওপৰত উপকৰ আৰোপ কৰিব নোৱাৰি, যাৰ বাবে চৰকাৰে সুকীয়া বিধেয়ক উত্থাপন কৰিছে। এই উপকৰ পান মছলা উৎপাদকসকলৰ উৎপাদন ক্ষমতাৰ ওপৰত আৰোপ কৰা হ’ব। প্ৰস্তুতকাৰকৰ যন্ত্ৰপাতি, উৎপাদন প্ৰক্ৰিয়া আৰু সৰ্বোচ্চ ক্ষমতাৰ মূল্যায়নৰ পিছত এটা নিৰ্দিষ্ট উপকৰ আৰোপ কৰা হ’ব। ইয়াৰ দ্বাৰা নিবেদিত আৰু পূৰ্বনিৰ্ধাৰিত সম্পদ নিশ্চিত হ’ব।
মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা উপকৰ বিধেয়ক, ২০২৫ৰ লক্ষ্য হৈছে স্বাস্থ্যৰ বাবে বিপজ্জনক সামগ্ৰী যেনে ধঁপাত, পান মছলা আৰু গুটখাৰ ওপৰত নতুন কৰ ব্যৱস্থা ৰূপায়ণ। পুৰণি জি এছ টি ক্ষতিপূৰণৰ চেছৰ ঠাইত এইটো হ’ব বিকল্প, স্থায়ী আৰু নিয়ন্ত্ৰিত কৰ ব্যৱস্থা।
বিধেয়কখনত কাৰখানাৰ বাবে বাধ্যতামূলক পঞ্জীয়ন, মাহেকীয়া ৰিটাৰ্ণ, পৰিদৰ্শন আৰু উলংঘাৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। অনাগত দিনত উপকৰ বৃদ্ধি কৰাৰ ক্ষমতাও চৰকাৰৰ হাতত থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ