নুমলীগড়ত অন্ধ হৈ পৰিছে জি পি এছ সংলগ্ন হাতী
গোলাঘাট, ০৪ ডিচেম্বৰ (হি.স.)। নুমলীগড়ত অন্ধ হৈ পৰিছে জি পি এছ লগোৱা হাতী। নুমলীগড়ৰ কাষৰীয়া বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ দিনে দিনে বাঢ়ি গৈ আছে। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা দুটাকৈ বনৰীয়া হাতীৰ ডিঙিত জি পি এছ লগোৱা হৈছিল।
নুমলীগড়ত অন্ধ হৈ পৰিছে জি পি এছ সংলগ্ন হাতী


গোলাঘাট, ০৪ ডিচেম্বৰ (হি.স.)। নুমলীগড়ত অন্ধ হৈ পৰিছে জি পি এছ লগোৱা হাতী। নুমলীগড়ৰ কাষৰীয়া বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ দিনে দিনে বাঢ়ি গৈ আছে। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা দুটাকৈ বনৰীয়া হাতীৰ ডিঙিত জি পি এছ লগোৱা হৈছিল। শেহতীয়াকৈ জি পি এছ লগোৱা এটা হাতী জাকৰ পৰা আঁতৰি আহিব লগা হৈছে।

কিয়নো চকুৰে নেদেখে হাতীটোৱে। যাৰ ফলত হাতীটোক জাকৰ আন হাতীয়ে আক্ৰমণ কৰে। হাতীটোক নৈৰ গৰাৰ ওপৰৰ পৰা খুন্দিয়াই পেলাই দিয়াৰ দৃশ্য কেমেৰাত বন্দী হৈছে। ৰাইজৰ অভিযোগ– হাতীটো কণা। চকুৰে নেদেখা হাটীটোক জাকে এৰি গুচি যায়। বন বিভাগে চিকিৎসাৰ ব্যৱস্থা নকৰিলে। লগতে জি পি এছটো খুলি বেলেগ হাতীৰ ডিঙিত লগাবলৈকো কাণসাৰ নাই বন বিভাগৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande