
বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.)। বুধবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হৈছে চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা । বৰপেটা স্থিত বিশ্ব শিল্পী জুবিন গাৰ্গ ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থমেলা খন বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে উদ্বোধন কৰে । আনহাতে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে বিজ্ঞান মেলাখন উদ্বোধন কৰে ।
বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আয়োজিত এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতি তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত বৰপেটাৰ এই গ্ৰন্থমেলাতেই প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন হোৱাৰ কংথা ব্যক্ত কৰে।
বৰপেটা গ্ৰন্থমেলাৰ এই আৰ্হিতেই পৰৱৰ্তী সময়ত অসম সাহিত্য সভাকে ধৰি আন আন গ্ৰন্থমেলাতো বিজ্ঞান মেলাৰ সংযোজন কৰা বুলিও তেওঁ মন্তব্য কৰে ।
ইপিনে গ্ৰন্থমেলা উদ্বোধন কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে মধ্যযুগীয় অসমীয়া সাহিত্যৰ প্ৰাণকেন্দ্ৰ বৰপেটাত থাকিয়েই দুজনা গুৰুৱে সাহিত্যৰ মূল সৃষ্টিবোৰ কৰা বুলি মন্তব্য কৰে ।
আনহাতে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে কয় যে গ্ৰন্থমেলাৰ লগত বিজ্ঞান মেলাৰ সংযোজন অভিনৱ চিন্তা। বিজ্ঞান অবিহনে একো নহয়। ইয়াৰ লগতে ভৰালীয়ে কয় যে লিখকে বিশেষকৈ ছাত্ৰ - ছাত্ৰীক এনে কিছু উপাদান গ্ৰন্থৰ জৰিয়তে দিব লাগিব যাৰবাবে তেওলোকে কিতাপ এখন পঢ়িবলৈ আগ্ৰহান্বিত হৈ উঠে। অহা দহ ডিচেম্বৰলৈ অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থ আৰু বিজ্ঞান মেলাত আগশাৰীৰ কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা