

নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে নতুন দিল্লীত ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্তুৰ’ভৰ নেতৃত্বত এক প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত বিনিয়োগ, বেংকিং, বিত্তকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
বিত্ত মন্ত্ৰালয়ে এক্স-পোষ্টত প্ৰকাশ পোৱা এক বিবৃতিত উল্লেখ কৰিছে যে ২০২৫ চনৰ ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পৰা ভাৰত আৰু ৰাছিয়া দুয়োখন দেশে সুদৃঢ় ফলাফলৰ আশা প্ৰকাশ কৰিছে।
বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্তুৰ’ভৰ সৈতে অৰ্থনৈতিক উন্নয়ন মন্ত্ৰী মেক্সিম ৰেশ্বেটনিকোভ, বিত্তমন্ত্ৰী চিলুয়ানোভ এণ্টন আৰু কেন্দ্ৰীয় বেংক বিভাগৰ মুৰব্বী নাবিউলিনা এলভিৰাও আছিল। ভাৰতীয় প্ৰতিনিধি দলটোত অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধি আছিল।
উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰ বাবে আজি বৃহস্পতিবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পুটিনে।
हिन्दुस्थान समाचार