
নগাও, ০৪ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ পূৰ্বেই প্ৰায় খালি কৰিলে বেদখলকৃত ভূমি। চামুগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ১২নং দাগৰ ভকতগাঁও কিচামত ৩৮ বিঘা ভূমি বেদখলীৰ কবলত। ৯০ দশকৰ পৰা বেদখলৰ কবলত আছিল ভকতগাঁও প্ৰায় শতাধিক পৰিয়ালক বেদখল কৰিছিল ৩৮ বিঘা ভূমি।
অহাকালি পাঁচ ডিচেম্বৰত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদৰ পূৰ্বেই প্ৰায় খালি কৰিলে বেদখলকৃত ৩৮ বিঘা ভূমি। বেদখলকাৰীৰ হিয়া ঢাকুৰী কান্দি কান্দি চৰকাৰ আহ্বান আমাক গুলীয়াই মাৰক আমি যাবলৈ কতো জেগা নাই চৰকাৰে ঘৰ দিছে চৰকাৰী ভূমিতেই ঘৰত বনাই আছোঁ এতিয়া উচ্ছেদ কৰিব আমাক মাৰি পেলাওঁ লৰা ছোৱালীৰ পৰীক্ষা চলি আছে মেট্ৰিক দিব এতিয়া আমি যাবলৈ কতো জেগা নাই এনেদৰে আহ্বান জনালে বেদখলকাৰীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা