বাইহাটা চাৰিআলিত আন্ত: ৰাজ্যিক গাড়ী চুৰি চক্ৰৰে জড়িত তিনি গভাইত চোৰ গ্ৰেপ্তাৰ
কামৰূপ, ০৪ ডিচেম্বৰ (হি.স.)। বাইহাটা চাৰিআলিত আন্ত: ৰাজ্যিক গাড়ী চুৰি চক্ৰৰে জড়িত তিনি গভাইত চোৰ গ্ৰেপ্তাৰ। ্ এখন বিলাসী বাহন চুৰি কৰি নিয়া চোৰকেইটাক মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে সফলতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰকেইটাক ক্ৰমে আলী হ
বাইহাটা চাৰিআলিত আন্ত: ৰাজ্যিক গাড়ী চুৰি চক্ৰৰে জড়িত তিনি গভাইত চোৰ গ্ৰেপ্তাৰ


কামৰূপ, ০৪ ডিচেম্বৰ (হি.স.)। বাইহাটা চাৰিআলিত আন্ত: ৰাজ্যিক গাড়ী চুৰি চক্ৰৰে জড়িত তিনি গভাইত চোৰ গ্ৰেপ্তাৰ। ্ এখন বিলাসী বাহন চুৰি কৰি নিয়া চোৰকেইটাক মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে সফলতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰকেইটাক ক্ৰমে আলী হুছেইন, খলিল খান, নুৰ মহম্মদ খান বুলি চিনাক্ত কৰা হৈছে।

গভাইতচোৰ কেইটাই বাইহাটা চাৰিআলিৰ এটি লজৰ পাৰ্কিঙৰ পৰা মাত্ৰ তিনিমিনিটৰ ভিতৰতে এখন লক কৰা স্কৰপিঅ বাহন চুৰি কৰি উধাও হৈছিল। অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি চুৰি কৰি নিছিল বাহন খন । ইফালে সকলো ঘটনাৰ দৃশ্য ওচৰতে থকা এটা চিচি টিভিত বন্দী হৈ আছিল। আৰক্ষীয়ে পিছত সেই ফুটেজ পৰীক্ষা কৰি অতি বিচক্ষণতাৰে অনুসন্ধান চলায় মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে চুৰি গাড়ীসহ চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে চোৰকেইটাক এই ঘটনা সন্দৰ্ভত অধিক সোধপোচ চলায় আছে। ইফালে চোৰকেইটাই কিদৰে বাহন খন চুৰি কৰি নিছিল সকলো আৰক্ষীৰ আগত ডেমো কৰিও দেখুৱালে গভাইত চোৰকেইটাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande