বিজনীত বিটিচিৰ কাৰ্যাবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহন
বিজনীত বিটিচিৰ কাৰ্যাবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহন।
বিজনীত বিটিচিৰ কাৰ্যাবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহন


চিৰাং, ০৪ ডিচেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীত যোৱা কালি বুধবাৰে সন্ধিয়া বিটিচিৰ কাৰ্যাবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহ কৰা হয়। বিজনী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত দাহন কৰে বিটিচিৰ জনস্বাস্থ্য আৰু হস্ততাত বিভাগৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদৰ প্ৰতিকৃতি।

বিটিচিৰ সচিবালয়ত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে কৰা আক্ৰমণক এবছু আৰু ইউপিপিএলে ক্ষমতা হেৰুৱাই পাগল হৈ এই কাৰ্য কৰা বুলি মন্তব্য কৰিছিল বেগম আখতাৰা আহমেদে। বেগম আখতাৰা আহমেদৰ এই মন্তব্যৰ বিৰুদ্ধে বিজনী মহাবিদ্যালয়ৰ ছাত্র সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে ট্ৰাইবেল বিৰোধী গ' বেক, বেগম আখতাৰা আহমেদ হায় হায়, চিচিটিওএ জিন্দাবাদ, ট্ৰাইবেল ইউনিটি লং লিভ আদি শ্লোগানেৰে বিজনী মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰাৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande