বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা নিখোজ এজন যুৱক
বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.)। বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা নিখোজ হৈছে এজন যুৱক । নিখোজ যুৱকজন কামৰূপ জিলাৰ ছয়গাওঁৰ জুৰান আলী। মানসিকভাৱে কিছু অসুস্থ যুৱকজনে মাতৃৰ সৈতে চিকিৎসাৰ বাবে বৰপেটালৈ আহিছিল। ঘৰলৈ যোৱা গাড়ী নোপোৱাৰ বাবে মাতৃৰ সৈতে ৰেলৱে ষ্ট
বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা নিখোজ এজন যুৱক


বৰপেটা, ০৪ ডিচেম্বৰ (হি.স.)। বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা নিখোজ হৈছে এজন যুৱক । নিখোজ যুৱকজন কামৰূপ জিলাৰ ছয়গাওঁৰ জুৰান আলী।

মানসিকভাৱে কিছু অসুস্থ যুৱকজনে মাতৃৰ সৈতে চিকিৎসাৰ বাবে বৰপেটালৈ আহিছিল। ঘৰলৈ যোৱা গাড়ী নোপোৱাৰ বাবে মাতৃৰ সৈতে ৰেলৱে ষ্টেচনতে নিশা কটাইছিল যুৱকজনে । পিচে আজি পুৱা প্ৰায় ৪ বজাত যুৱকজন হঠাতে নিখোজ হৈ পৰে। কলা ৰঙৰ জেকেট, বগা পেন্ট আৰু মহিলাই পিন্ধা চেণ্ডেল পৰিধান কৰা যুৱকজনৰ কোনো সন্ধান পালে 9954623930 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande