অৰুণাচলত মৃত্যু অসমৰ সেনা জোৱান
অৰুণাচলত মৃত্যু অসমৰ সেনা জোৱান।
অৰুণাচলত মৃত্যু অসমৰ সেনা জোৱান


ধুবুৰী, ০৪ ডিচেম্বৰ (হি.স.): বহিঃ ৰাজ্যত কৰ্ম স্থলীত মৃত্যু মুখত পৰিছে অসমৰ এগৰাকী বীৰ সেনা জোৱান। ধুবুৰী জিলাৰ গৌৰীপুৰ লালকুৰা গাওঁ খনৰ নাৰায়ণ ৰায়ৰ পুত্ৰ মাণিক ৰয় নামৰ সেনা জোৱান জনৰ কৰ্তব্যৰত স্থলীত মৃত্যু হয়। অৰুণাচলত কৰ্মৰত স্থলীত হৃদক্ৰিয়া বন্ধ হৈ সেনা জোৱান জনে কৰুণ মৃত্যুক আকোৱালি লয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে এছএছবিত কৰ্মৰত আছিল সেনা জোৱান গৰাকীয়ে। মৃত্যুৰ সময়ত সেনা জোৱান জন এৰি থৈ গল এটি কণ মানি পুত্ৰ আৰু এটি কন্যা সন্তান। সেনা জোৱান জনৰ মৃত্যুৰ খবৰে মৰ্মাহত হৈছে পৰিয়ালৰ লগতে অঞ্চল বাসী। আজি জোৱান জনৰ নথৰদেহ নিজ বাগৃহত অনা হব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande